নিউজ ডেস্কঃ অভিনেতা ৰণবীৰ সিঙৰ কেইখনমান ফটোৱে ইন্টাৰনেট মাধ্যমত কিছুদিন ধৰি বিশেষ তোলপাৰ লগাইছে। ফটোকেইখনত ৰণবীৰক দেখা গৈছিল সম্পূৰ্ণ উলংগ অৱস্থাত। ফটোকেইখন প্ৰকাশিত হৈছিল ‘পেপাৰ মেগাজিন’ৰ কভাৰ পেজত।
অভিনেতাগৰাকীয়ে এই আলোচনীখনৰ বেটুপাতৰ বাবে একেবাৰে নগ্ন হৈ প’জ দিছে। এই একেখন আলোচনীতে ২০১৪ চনত বিখ্যাত মডেল কিম কাৰ্দাচিয়ানৰ কেইখনমান ফটোৱে ইণ্টাৰনেট মাধ্যমত খলকনি তুলিছিল।
আনহাতে ভাৰতীয় মডেল অভিনেতা মিলিন্দ সুমনকো সাগৰৰ পাৰত নগ্ন অৱস্থাত বহুকেইখন ফটোত দেখা গৈছিল। ৰণবীৰৰ এই ফটো কেইখন প্ৰত্যক্ষ কৰি বহুতে এটাই প্ৰশ্ন কৰিছে ৰণবীৰে মিলিন্দ সুমনক অনুসৰণ কৰিছে নেকি?
সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয়, ”উলংগ হোৱাতো মোৰ বাবে সহজ কিন্তু মোৰ কিছুমান performance ত মই ইমান উদঙাই দিব পাৰো মানুহে মোৰ আত্মা লৈকে দেখা পায়। সেইয়াহে প্ৰকৃত উলংগ। মই হাজাৰজন মানুহৰ সন্মুখত উলংগ হ’ব পাৰো। সেইয়া মোৰ বাবে গুৰুত্বৰ নহয়। কিন্তু এইটো হয়যে মানুহবোৰ uncomfortable হয়”।
এই ফটোকেইখনক লৈ বহুজনে ছ’চিয়েল মিডিয়ান নানা ধৰণৰ ব্যংগভাৱে কমেন্টো কৰিছে।
ৰণবীৰক শেহতীয়াকৈ নেটফ্লিক্সত ৰণবীৰ Vs ৱাইল্ড উইথ বেয়াৰ গ্ৰিলছত দেখা গৈছিল। আন এক শেহতীয়া তথ্য মতে ৰণবীৰে শ্বাহৰুখ খানৰ মান্নাতৰ ওচৰত ১১৯ কোটি টকাৰ নতুন সম্পত্তি ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।
ৰণবীৰক ৰোহিত চেট্টীৰ নতুন চলচ্চিত্ৰ ‘Cirkus’ ত দেখিবলৈ পোৱা যাব। ছবিখনত অভিনেতাজনৰ বিপৰীতে অভিনয় কৰিছে জেকলিন ফাৰ্ণাণ্ডেজ আৰু পূজা হেগড়ে। এই চিনেমাখনে এইবৰ্ষতে খ্ৰীষ্টমাছত মুক্তি লাভ কৰিব।
ইয়াৰ উপৰিও, ৰণবীৰক আলিয়া ভট্ট, ধৰ্মেন্দ্ৰ, শাবানা আজমী আৰু জয়া বচ্চনৰ সৈতে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ চিনেমাখনতো দেখা পোৱা যাব। এই চিনোমাখন ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব।