নিউজ ডেস্কঃ ব্যতিক্রমী ষ্টাইলৰ বাবে অভিনেতা ৰণবীৰ সিং যুৱপ্ৰজন্মৰ মাজত প্ৰায়েই জনপ্ৰিয়।
এইবাৰ আকৌ ৰণবীৰ সিং তেওঁৰ হেয়াৰ ষ্টাইলৰ বাবেই চৰ্চিত হৈছে। ৰণবীৰ সিঙক দুডাল পনিটেইলত দেখা গৈছে। ইতিমধ্যে এই ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
এই দৃশ্য হায়দৰাবাদৰ এয়াৰপ’ৰ্টৰ । বিনা চাৰ্টত কলা ৰঙৰ কোটৰ সৈতে মূৰত দুডালকৈ পনিটেইলত অভিনেতাগৰাকীক দেখা গৈছে। মুখত মাস্কৰ সৈতে চকুত আছিল ক’লা চশমা। তেওঁৰ ডিঙিত গণেশৰ এটা লকেটও দেখা গৈছিল।

তেওঁৰ এই ষ্টাইলে অনুৰাগীসকলৰ মনোযোগ বিশেষভাৱে আকৰ্ষণ কৰিছে। সকলোৰে দৃষ্টি তেওঁৰ পোছাকতকৈ মূৰৰ পনিটেইল দুডালতহে নিবদ্ধ হৈছিল।
দুডাল পনিটেলৰ সৈতে ৰণবীৰ সিঙৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। কিছুমান অনুৰাগীয়ে তেওঁৰ এই নতুন ষ্টাইলটোৰ প্ৰশংসা কৰিছে যদিও কিছুমানে তেওঁক লৈ ট্ৰ’ল কৰিছে।
ছুপাৰষ্টাৰ ৰণবীৰ সিঙে টলিউডৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ আপকামিং চলচ্চিত্ৰ ‘আৰ চি ১৫’ৰ শুভ মুহুৰতৰ পূজাত অংশ ল’বলৈ হায়দৰাবাদত উপস্থিত হৈছিল।
ছুপাৰষ্টাৰ ৰাম চৰণতকৈ পিছে অধিক লোকৰ চকু ৰণবীৰ সিঙৰ ওপৰতহে স্থিৰ হৈ আছিল।
লগতে পঢ়কঃবিয়াৰ ন বছৰৰ পাছত পত্নীৰ সৈতে বিচ্ছেদ ঘটিল ক্ৰিকেটাৰ শিখৰ ধাৱান