নিউজ জেস্কঃ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত RRR য়ে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেলুগু ছবি RRR য়ে শেহতীয়াকৈ হলিউড ক্রিটিক্ছ এছচিয়েচনৰ পাঁচটাকৈ প্ৰধান বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ছবিখনে শ্রেষ্ঠ আন্তর্জাতিক ছবি, শ্রেষ্ঠ একচন, শ্রেষ্ঠ ষ্টাণ্ট, শ্রেষ্ঠ গীত (নাটু নাটু) আৰু শ্ৰেষ্ঠ স্পটলাইট শিতানত বঁটা লাভ কৰে। লছ এঞ্জেলছত এই বঁটা গ্ৰহণ কৰি পৰিচালক ৰাজামৌলীয়ে মেৰা ভাৰত মহান বুলি কৈ দেশৰ সকলো ছবি নির্মাতালৈ উচৰ্গা কৰিছে বুলি জনাই।
উল্লেখযোগ্য যে, প্ৰাক স্বাধীন কালৰ জনজাতীয় নেতা কোমাৰাম ভীম আৰু বিপ্লৱী আলুৰী সীতাৰাম ৰাজুৰ জীৱনক লৈ নিৰ্মিত এই ছবিখনত বৰ্তমান অল্কাৰলৈও মনোনিত হৈছে। দক্ষইণ ভাৰতৰ দুই ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ আৰু ৰামচৰণৰ অভিনয়ে সকলোকে মোহিত কৰাৰ উপৰিও ছবিখনৰ ‘নাটু নাটু’ গীতটোৱেও সকলোৰে মন জয় কৰি বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে।