নিউজ ডেস্কঃ অভিনেতা ছলমান খানক বন্দুক ৰাখিবলৈ অনুজ্ঞাপত্ৰ দিলে মুম্বাই আৰক্ষীয়ে। সোমবাৰে মুম্বাই আৰক্ষীয়ে কয় যে ছলমানে এমাহ আগতে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰ ৰাখিবলৈ অনুমতি বিচাৰিছিল। উল্লেখ্য যে, ছলমান খানক কোনো অজ্ঞাত ব্যক্তিয়ে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। পঞ্জাৱৰ গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছতে অভিনেতাজনলৈ মৃত্যুৰ ভাবুকি আহিছিল।
ছলমানৰ দেউতাক চেলিম খানেও জুনমাহত তেওঁলোকৰ ঘৰৰ চৌহদত তেওঁলোকক হত্যাৰ ভাবুকি দিয়া এখন পত্ৰ পাইছিল। চিঠিখন এখন বেঞ্চত ৰখা হৈছিল, য’ত তেওঁ জগিং কৰিবলৈ আহি বিশ্ৰাম লয়। ইয়াৰ পিছতে চেলিম খানে বান্দ্ৰা আৰক্ষীচকীত আইপিচিৰ ধাৰা ৫০৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰে।
ইয়াৰ পিছতেই অভিনেতা ছলমানখানে জুলাই মাহত মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল আৰু মুম্বাই আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া বিবেক ফানচালকাৰক আত্মৰক্ষাৰ বাবে নিজৰ ওচৰত বন্দুক ৰাখিবলৈ অনুমতি বিচাৰি আবেদন কৰে। অভিনেতাগৰাকীয়ে আৰক্ষীক কৈছিল যে যদি তেওঁৰ ওচৰত বন্দুক থাকে, তেনেহ’লে নিজৰ সুৰক্ষাৰ লগতে পৰিয়ালকো সুৰক্ষা দিব পাৰিব। কিন্তু মুম্বাই আৰক্ষীয়ে প্ৰথমে অভিনেতাগৰাকীক মাৰণাস্ত্ৰ ৰখাৰ অনুমতি দিয়া নাছিল যদিও অৱশেষত মাৰণাস্ত্ৰ ৰাখিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে, ছলমান খান কৃষ্ণসাৰ হৰিণ চিকাৰৰ গোচৰৰ অন্যতম অভিযুক্ত। ১৯৯৮ চনত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত আইন ভংগ কৰি বিৰল প্ৰজাতিৰ হৰিণ চিকাৰ কৰিছিল। কুখ্যাত অপৰাধী লৰেন্স বিষ্ণোই ২৯ মে’ত পঞ্জাৱত গায়ক মুছেৱালাৰ হত্যাৰ পিছত চলমানকো হত্যা কৰাৰ ভাবুকি দিছিল। সূত্ৰঅনুসৰি, এই ভাবুকি কৃষ্ণসাৰ হৰিণ হত্যাৰ ঘটনাৰ সৈতেও সম্পৰ্কিত।