নিউজ ডেস্ক: ২০২৩ চনৰ ২১ এপ্ৰিলত সমগ্ৰ বিশ্বজুৰি ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে ছুপাৰষ্টাৰ ছলমান খান আৰু কেটৰিনা কাইফ অভিনীত স্পাই থ্ৰিলাৰ ‘টাইগাৰ ৩’।
Yash Raj Films (YRF) -ৰ বেনাৰত নিৰ্মাণ হ’ব লগীয়া থ্ৰিলাৰধৰ্মী ছবিখনত ছলমান আৰু কেটৰিনাক ক্ৰমে ‘টাইগাৰ’ আৰু ‘জয়া’ নামৰ দুই স্পাই এজেণ্টৰ চৰিত্ৰত দেখা পোৱা যাব।
শুকুৰবাৰে দুয়োগৰাকী তাৰকাই সামাজিক মাধ্যমত ছবিখনৰ এটি টিজাৰৰ সৈতে মুক্তিৰ দিন শ্বেয়াৰ কৰে। ২০২৩ চনৰ পবিত্ৰ ঈদৰ দিনটোতে হিন্দী, তামিল আৰু তেলেগু ভাষাত ছবিখনে মুক্তি লাভ কৰিব বুলি ছলমান খানে টুইট কৰে।
আনহাতে অভিনেত্ৰী কেটৰিনা কাইফেও তেওঁৰ ইন্সটাগ্ৰাম হেণ্ডেলত ছবিখনৰ ৰিলিজক লৈ এটা প’ষ্ট শ্বেয়াৰ কৰে।
২০১২ চনত Yash Raj Films (YRF) -ৰ বেনাৰত ছলমান খান আৰু কেটৰিনা কাইফৰ যুটিত এই ছিৰিজৰ প্ৰথমখন ছবি ‘এক থা টাইগাৰ’ মুক্তি লাভ কৰিছিল। কবীৰ খান পৰিচালিত ছবিখনত ছলমানে এগৰাকী ভাতৰীয় স্পাই আৰু কেটৰিনাই এগৰাকী পাকিস্তানী স্পাইৰ ভুমিকাত অভিনয় কৰিছিল।
ইয়াৰ পিছত ২০১৭ চনত দ্বিতীয়খন ছবি ‘টাইগাৰ জিন্দা হেঁ’ মুক্তি লাভ কৰে। ছবিখনৰ পৰিচালক আছিল আলী আব্বাছ জাফাৰ। ‘টাইগাৰ থ্ৰি’ পৰিচালনা কৰিছে ‘ফেন’ আৰু ‘বেণ্ড বাজা বাৰাট’ খ্যাত মনিশ শৰ্মায়ে।
জানিব পৰা মতে ‘টাইগাৰ থ্ৰি’ত বলিউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা ইমৰাণ হাচমিক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব।
লগতে পঢ়ক – কোভিডৰ ভুৱা প্ৰমাণপত্ৰ দি গ্ৰেপ্তাৰ লেব টেকনিচিয়ান