নিউজ ডেস্কঃ কালাৰ্ছ টিভিৰ বিগ বছ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু বিতৰ্কিত ৰিয়েলিটি শ্ব’। এইবাৰ বিগ বছ -ছিজন ১৬ ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে।
শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈ পৰিছে। বিগ বছ ১৬ আহি আছে। এই ৰিয়েলিটি শ্ব’টোত কোন কোন থাকিব সেই তালিকা ইতিমধ্যে প্ৰচাৰিত হ’বলৈ আৰম্ভ কৰিছে।
ইয়াৰ মাজতে সকলোকে আচৰিত কৰা বাতৰিটো হৈছে ছলমান খানৰ পাৰিশ্ৰমিক। অভিনেতাজনে অনুষ্ঠানটোৰ বিনিময়ত পাৰিশ্ৰমিক লাভ কৰিছে ১০০০ কোটি টকা। আচৰিত হৈছে নেকি?
শেহতীয়া প্ৰতিবেদন অনুসৰি, প্ৰযোজকসকলে বিগ বছ ১৬ আয়োজন কৰিবলৈ অভিনেতাজনক বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিছে। ছলমানে প্ৰতি বছৰে বিগ বছ আয়োজন কৰিবলৈ এক বৃহৎ পাৰিশ্ৰমিক বিচাৰে। অভিনেতাজনে এই বছৰ বিগ বছ ১৫ৰ বাবে লাভ কৰা মাচুলৰ তিনিগুণ বেছিকৈ বিচাৰিছে। যোৱা বছৰ, তেওঁ ৩৫০ কোটি টকা দাবী কৰিছিল বুলি জানিব পৰা গৈছে। এই বছৰ অভিনেতাজনে বিগ বছত Host কৰা বিনিময়ত ১০০০ কোটি টকা দাবী কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে, এই বিষয়ে আনুষ্ঠানিকভাৱে তেওঁ একো প্ৰকাশ কৰা নাই।