নিউজ ডেস্কঃ অৰুণাচলপ্ৰদেশৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিব বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। ইতিমধ্যে সোমবাৰে পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ ছি-য়োমি জিলাৰ মেচুকালৈ ৰাওনা হয় অভিনেতাগৰাকী।
অভিনেতা সঞ্জয় দত্ত অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ মাহজোৰা উদযাপনৰ ব্ৰেণ্ড এম্বেচেডৰ।
লগতে পঢ়কঃমণিপুৰত উদ্ধাৰ বৃহৎপৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
অভিনেতাজনে এই কাৰ্যসূচীৰ প্ৰচাৰ আৰম্ভ কৰিব য’ত তেওঁ পৰ্যটনৰ প্ৰসাৰৰ বাবে কিছু ভিডিঅ’ চলচ্চিত্ৰতো অভিনয় কৰিব।
তেওঁ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে এটা অভিযানটো অংশ ল’ব।
মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব অভিনেতাগৰাকী। মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে।