নিউজ ডেস্কঃ বুধবাৰে কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম সংখ্যাক দক্ষিণ এছিয়া চুটি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ল আইমী বৰুৱাৰ পৰিচালিত তথ্যচিত্ৰ ‘Screaming Butterflies’। লাভ জিহাদৰ ওপৰত নিৰ্মিত এই তথ্যচিত্ৰখনে এই বৰ্ষৰ জুনমাহত মুম্বাইত অনুষ্ঠিত হৈ যোৱা ১৭সংখ্যাক মুম্বাই ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে।

এই তথ্যচিত্ৰখনত লাভ জেহাদৰ বলী হোৱা কেইবাগৰাকীয়ো হিন্দু মহিলাৰ ভয়ংকৰ কাহিনী সন্নিবিষ্ট কৰিছে য’ত ইছলাম পুৰুষৰ প্ৰেমৰ জালত প্ৰতাৰিত হৈ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰ হ’বলগীয়া হৈছে।
‘Screaming Butterflies’ তথ্যচিত্ৰখনৰ বিষয়ে বৰ্ণনা কৰি পৰিচালিকা আইমী বৰুৱাই কয় যে ২০২১ চনৰ আৰম্ভণিতে তেওঁ লাভ জিহাদৰ বলী হোৱা অসমৰ ২৬ গৰাকী যুৱতীৰ লগ পাইছিল। যুৱতীকেইগৰাকী ইছলাম পুৰুষসকলৰ প্ৰতাৰণাৰ বলী হৈছিল। তেওঁলোকক প্ৰলোভিত কৰিবলৈ ইছলামযুৱককেইজনে নিজকে হিন্দু বুলি চিনাকি দিছিল।

আইমী বৰুৱাই লগতে কয়, “মই প্ৰথমে তেওঁলোকৰ কাহিনী শুনিছিলো। তাৰপিছত চিনেমা নিৰ্মাণৰ বাবে চিত্ৰগ্ৰহণৰ অনুমতি বিচাৰিছিলো”।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ এতিয়াও তেওঁলোকৰ প্ৰত্যেকজনৰ সৈতে যোগাযোগত আছে। লাভ জিহাদৰ বলী হোৱা মুঠ ২৬ গৰাকী মহিলাৰ ভিতৰত তেওঁ চাৰিগৰাকী মহিলাক দৃশ্যগ্ৰহণৰ সুযোগ দিয়াৰ সিদ্ধান্ত লৈছিল। মহিলাসকলক সহজ কৰি তুলিবলৈ তেওঁ নিজে কেমেৰা পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছিল আৰু চিত্ৰগ্ৰহণৰ সময়ত আন কোনো ক্ৰু সদস্য উপস্থিত নাছিল। মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰি পৰিচালিকাগৰাকীয়ে কয়, “মহিলাসকলে তেওঁলোকৰ কাহিনীবোৰ মুকলিকৈ ব্যক্ত কৰিছিল যাতে এই ঘটনাৰ পৰা আন যুৱতীসকলো এনেদৰে প্ৰতাৰিত হোৱাৰ পৰা ৰক্ষা পৰে। যিকোনো ধৰ্মৰ এজন ব্যক্তিয়ে যুৱতীসকলক এনেদৰে প্ৰতাৰণা কৰা আৰু তেওঁলোকক ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰাটো ভুল”।

তথ্যচিত্ৰখনত তেওঁলোকৰ মনৰ অনুভূতিক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এই তথ্যচিত্ৰখন কোনো বিশেষ সম্প্ৰদায়ক উদ্দেশ্যে নিৰ্মাণ কৰা হোৱা নাই কিন্তু ভুৱা পৰিচয় আৰু মিছা কথাৰে পৃথিৱীৰ কোনো মহিলাৰ সৈতে এনে কৰাতো উচিত নহয়। কোনো কোনোৱে এইদৰে প্ৰতাৰণা কৰি হিন্দু মহিলাক জোৰ জবৰদস্তি গো-মাংস খাবলৈও বাধ্য কৰে।

‘Screaming Butterflies’ তথ্যচিত্ৰখনৰ পূৰ্বে আইমী বৰুৱাই পৰিচালিত ডিমাছা ভাষাৰ ‘চেমখৰ’ শীৰ্ষক চলচ্চিত্ৰখন ‘কাঁ’ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। চেমখৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, বেংগালুৰু, ঢাকা আৰু টৰণ্ট’ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply