নিউজ ডেস্কঃ সুদীৰ্ঘ ২৭বছৰৰ মূৰত অভিনেতা ছলমান খান আৰু শ্বাহৰুখ খানে একেলগে আদিত্য চোপ্ৰাৰ এখন বিগ বাজেটৰ থ্ৰিলাৰ চিনেমাত অভিনয় কৰিব। চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে ‘কৰণ-অৰ্জুনৰ’ এই বিখ্যাত যুঁটীৰ সৈতে চিনেমাখনৰ নিৰ্মাতাৰ কথা-বতৰা চলি আছে। এই চিনেমাখন বলীউডৰ আটাইতকৈ বিগ বাজেটৰ চিনেমা হ’ব। অৱশ্যে আদিত্য চোপ্ৰাই এই নতুন চিনেমাখনৰ কাহিনী সন্দৰ্ভত বৰ্তমানলৈ একো সদৰী কৰা নাই।

অভিনেতাদ্বয়ক ‘কুছ কুছ হোতা হ্যেই’ৰ পিছত ২০১৯চনত মুক্তিলাভ কৰা ‘জিৰো’ নামৰ চিনেমা খনত একেলগে দেখা গৈছিল। পিছে চিনেমাখনত এটা গানৰ দৃশ্যাংশত ছলমান খানক দেখা গৈছিল।

এটা ইন্টাৰভিউত শ্বাহৰুখক ভবিষ্যতে তেওঁ ছলমান আৰু আমিৰ খানৰ লগত কাম কৰিব নে নকৰে সেই সন্দৰ্ভত সোধা হৈছিল। তেওঁ উত্তৰত কৈছিল যদি আপোনাকে আমাক সামৰ্থ্য প্ৰদান কৰে আমি নিশ্চয় কৰিম। কিন্তু তিনিওজনে একেলগে কাম কৰাটো অসম্ভৱ। কাৰণ আমাৰ তিনিওজনৰে কাম কৰা ষ্টাইল বেলেগ বেলেগ। যদি কোনো নিৰ্মাতাই একেলগে আমাক বিচাৰে তেতিয়া সময়ত দেখা যাব।

শ্বাহৰুখ খানক ছলমান-কেটৰীণা অভিনীত ‘টাইগাৰ-৩’ নামৰ চিনেমাখনত অতিথি শিল্পী হিচাপে দেখা যাব আনহাতে শ্বাহৰুখ-দিপীকা-জন আব্ৰাহাম অভিনীত ‘পাঠান’ চিনেমাখনৰ এটা চৰিত্ৰত অতিথি শিল্পী হিচাপে দেখা যাব অভিনেতা ছলমান খানক। এই দুয়োখন চিনেমা যশৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছৰ বেনাৰতে নিৰ্মিত।

উল্লেখ্য যে, এই বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তিলাভ কৰিব ছলমান খানৰ নতুন চিনেমা ‘কভি ঈদ কভি দিৱালী’। চিনেমাখনত ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে পূজা হেগড়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply