নিউজ ডেস্কঃ বিপদত পৰিছে ‘পপ সম্ৰাজ্ঞী’ ছাকিৰা। সংগীতশিল্পীগৰাকী বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে পপ গায়িকাগৰাকীয়ে আঠ বছৰৰ কাৰাদণ্ড ভুগিব পাৰে।

কলম্বিয়াৰ তাৰকাগৰাকীয়ে ১.৪৫ নিযুত ইউৰোতকৈও অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যদি এই অভিযোগ প্ৰমাণিত হয় তেন্তে ছাকিৰাই আঠ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে লগতে ছাকিৰাই ২.৩৫ নিযুত ডলাৰৰ অধিক জৰিমনাও পৰিশোধ কৰিব লগা হ’ব পাৰে।

স্পেইনৰ এগৰাকী চৰকাৰী অধিবক্তাই উল্লেখ কৰিছে যে বাৰ্চিলোনাৰ ফুটবলাৰ জেৰাৰ্ড পিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২০১১ চনৰ পৰা ছাকিৰা স্পেইনৰ বাসিন্দা আছিল। শিল্পীগৰাকীয়ে ২০১২চনৰ পৰা ২০১৪ চনলৈকে স্পেইনৰ নাগৰিক আছিল। ২০১২ চনৰ মে’ মাহত বাৰ্চিলোনাত এটা ঘৰ কিনিছিল ছাকিৰাই। কিন্তু ছাকিৰাই দাবী কৰিছিল যে তেওঁৰ নাম ২০১৫ চনলৈকে বাহামছৰ কৰদাতাৰ তালিকাত আছিল।

জানিব পৰা মতে, ছাকিৰাক এটা চুক্তিৰ জৰিয়তে কৰ ফাঁকিৰ বিষয়টো নিষ্পত্তি কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ সন্মত হোৱা নাছিল। অৱশ্যে, স্পেইনৰ চৰকাৰী অধিবক্তাই কি চুক্তি ৰখাৰ প্ৰস্তাৱ দিছিল সেয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই।

উল্লেখ্য যে, ফুটবলাৰ জেৰাৰ্ড পিক আৰু ছাকিৰাই কেইমাহমান আগতে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। তেওঁলোকৰ দুটা পুত্ৰ আছে। বিবাহ বিচ্ছেদ ঘোষণা হোৱাৰ পিছতহে ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ পোহৰলৈ আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply