নিউজ ডেস্কঃ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ প্ৰেয়সী শ্বেহনাজ গিল বহুত ভাঙি পৰিছিল। বৰ্তমান অভিনেত্ৰী গৰাকীয়ে নিজকে পৰিস্থিতিৰ লগত স্বাভাৱিক কৰি তুলিবলৈ অশেষ চেষ্টা কৰি আছে।

শেহতীয়া খবৰ অনুসৰি, অতি সোনকালেই তেওঁ অভিনয় জগতলৈ ঘূৰি আহিব।

এই সময়তে তাৰকা দিলজিৎ দোচাঞ্জে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। সেই ভিডিঅ’টো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দিলজিৎক সোনম বাজৱাৰ সৈতে দেখা গৈছে। অলপ পিছতে ছেহনাজক প্ৰৱেশ কৰা দেখা যায়। শ্বাহনাজ আৰু সোনম দুয়ো মিলি দিলজিৎক বহুত পিটন দিয়া দেখা গৈছে। ভিডিঅ’ প্রত্যক্ষ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে প্ৰথমে আচৰিত হৈ পৰিছিল।

এই ভিডিঅ’ নিমিষতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

দৰাচলতে দেখা এই ভিডিঅ’টো দিলজিৎৰ এখন upcoming movie ”হৌছলা ৰখ”ৰ Promo। শ্বেহনাজক দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে শ্বাহনাজ পুনৰ অভিনয়লৈ উভতি আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।

ভিডিঅ’টোত, শ্বাহনাজ গিলক দেখি তেওঁৰ অনুৰাগীসকলে খুবেই আনন্দিত হৈছে। কাৰণ সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছত শ্বাহনাজৰ অৱস্থা খুবেই বেয়া আছিল।তেওঁৰ স্বাস্থ্য়ৰ অৱস্থাক লৈ সকলোৱে চিন্তিত আছিল।

বিগ বছ-১৩ বিজয়ী আৰু প্ৰসিদ্ধ টিভি অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ ২ ছেপ্টেম্বৰত মৃত্যু হৈছিল, তাৰ পিছতেই শ্বাহনাজ গিল শোকত ভাঙি পৰিছিল। তেওঁৰ অৱস্থাই অনুৰাগীসকলকো ব্যথিত কৰি তুলিছিল।

”হৌছলা ৰখ” ছবিখনৰ Promo টো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে যথেষ্ট পছন্দ কৰিছে। দিলজিৎ দোচাঞ্জ, শ্বাহনাজ গিল আৰু সোনম বাজৱাই অভিনয় কৰা এই ছবিখন দশেৰাৰ দিনা অৰ্থাত ১৫অক্টোবৰত মুক্তি লাভ কৰিব।

লগতে পঢ়কঃআদানী গোষ্ঠীৰ হাতত গতাই দিয়া হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply