নিউজ ডেস্কঃ বলীউডত ‘Kabhi Eid Kabhi Diwali’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে মডেল, অভিনেত্ৰী শ্বেহনাজ গিলে। Salman Khan ৰ ‘Kabhi Eid Kabhi Diwali’ চিনেমাখনত শ্বেহনাজক চাবলৈ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু হঠাৎ এটা খবৰে অনুৰাগী সকলৰ অন্তৰ ভাঙি পেলাইছে। Shehnaz Gill ক ‘কভি ঈদ কভি দিৱালী’ চিনেমাখনৰ পৰা আঁতৰাই দিয়া হৈছে। এইটোও কোৱা হৈছে যে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ছলমান খানক আনফ’ল’ কৰি দিছে।
অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ কেইটামান দৃশ্যৰ শ্বুটিঙো আৰম্ভ কৰিছিল কিন্তু যোৱা দুদিন ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে যে শ্বেহনাজে ‘কভি ঈদ কভি দিৱালী’ৰ ছেট এৰিছে। বহুতৰ মাজত এতিয়া প্ৰশ্ন হৈছে দুয়োৰে মাজত বিভেদ ঘটিছে নেকি? হঠাতে কি হ’ল? বহুতে এই খবৰটোক লৈ ছ’চিয়েল মিডিয়াত নানা ধৰণৰ মন্তব্যও কৰিছে।
অৱশেষত সকলোৰে চিন্তাৰ অন্ত পেলাই প্ৰাক্তন ‘বিগ বছ’ প্ৰতিযোগীগৰাকীয়ে মঙলবাৰে ইনষ্টাগ্ৰামত লিখে, Lol! “উৰা বাতৰিবোৰে মোক খুব মনোৰঞ্জন দিলে। মই গোটেই সপ্তাহটো খুব এনজয় কৰিছিলো। আৰু মই বেছি অপেক্ষা কৰিব নোৱাৰো,যেতিয়া মানুহে মোক চিনেমাখনত চাব। ”
লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে মোক চলমান খানৰ চিনেমাৰ পৰা আঁতৰোৱা হোৱা নাই। অভিনেত্ৰী গৰাকীৰ ইনষ্টাগ্ৰাম প’ষ্টটোৰ পৰা এইটো স্পষ্ট হৈছে যে অনুৰাগীসকলৰ লগতে তেওঁ নিজেও চিনেমাখন চাবলৈ অধীৰ আগ্ৰহী ।
এই চিনেমাখনত ছলমান খান আৰু শ্বেহনাজ গিলৰ লগতে অভিনয় কৰিছে পূজা হেগড়ে, জেছী গিল, সিদ্ধাৰ্থ নিগম, ৰাঘৱ জুয়ালে। চাজিদ নাদিয়াৱালাৰ দ্বাৰা প্ৰযোজিত এই কমেডি চিনেমাখন এই বছৰৰ ডিচেম্বৰত মুক্তি লাভ কৰিব।