নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী পলক মুচ্ছলে জীৱনৰ দ্বিতীয়টো ইনিংছ আৰম্ভ কৰিবলৈ গৈ আছে। অহা ৬নৱেম্বৰত বলীউডৰ জনপ্ৰিয় Music composer মিথুনৰ লগত বিবাহপাশত আৱদ্ধ হ’ব কন্ঠশিল্পীগৰাকী।

দুয়োৰে বিবাহৰ অন্যান্য কাৰ্যসূচী মেহেন্দি আৰু সংগীত অনুষ্ঠান ৪ তাৰিখৰ পৰা আৰম্ভ হ’ব। বিবাহৰ কাৰ্যসূচীত পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ উপৰিও, বি-টাউনৰ চেলিব্ৰিটিসকলো উপস্থিত থাকিব।

পলক আৰু মিথুনে বিয়াৰ পিছত বলীউডৰ বন্ধুবৰ্গৰ বাবে এটা অভ্যৰ্থনা পাৰ্টিও আয়োজন কৰিব। এই পাৰ্টি মুম্বাইত অনুষ্ঠিত হ’ব, য’ত প্ৰখ্যাত চেলিব্ৰিটিসকল উপস্থিত থাকিব।

পলক আৰু মিথুনে প্ৰায় ন বছৰ ধৰি ইজনে-সিজনক ডেট কৰি আছে। এজন গায়ক আৰু সুৰকাৰ হিচাপে দুয়োজনে বহুতো হিট গীত ৰাইজক উপহাৰ দিছে। দুয়োজনে প্ৰথমে ‘আশিকী ২’ত একেলগে কাম আৰম্ভ কৰিছিল। এই চলচ্চিত্ৰখন ২০১৩ চনত মুক্তিলাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply