নিউজ ডেস্ক: পুনৰ অপ্ৰীতিকৰ পৰিস্থিত সন্মুখীন হ’বলীয়া হ’ল ৰঙালী বিহুৰ মঞ্চত কণ্ঠশিল্পী। দেওবাৰে ডিব্ৰুগড়ৰ হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ সন্মিলনৰ সামৰণি অনুষ্ঠান কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক নিমন্ত্ৰণ জনোৱা হৈছিল।
আচুৰ্য বৰপাত্ৰই অনুষ্ঠান সামৰাৰ পিছত একাংশ বিহু কমিতিৰ সদস্যই জোৰ-জুলুমকৈ গান গাবলৈ বাধ্য কৰে। তাৰ পিছতেই এজনে অতিৰিক্ত সময় গীত পৰিৱেশন নকৰিলে কণ্ঠশিল্পীৰ গৰাকীৰ সহযোগী শিল্পীসকলৰ বাদ্যযন্ত্ৰ ভাঙি দিয়াৰ ভাবুকি দিয়ে।
ইয়াৰ পিছতেই মঞ্চতে দুখ প্ৰকাশ কৰে কণ্ঠশিল্পী গৰাকীয়ে উক্ত ঘটনাটোক লৈ। তেওঁ কয় যে, মই দুটা গান গাম কোনো আপত্তি নাই। কিন্তু বাদ্যযন্ত্ৰ ভাঙি দিম বুলি কোৱা কথাটো মই বেয়া পাইছো আৰু দুখ লাগিছে।
লগতে পঢ়ক – ভাৰতত হ্ৰাস পাইছে কোভিড সংক্ৰমিত হোৱা লোকৰ সংখ্যা, যোৱা ২৪ ঘণ্টাত ৪,২৮২ জন লোক কোভিড আক্ৰান্ত