নিউজ ডেস্কঃ বলীউডৰ জনপ্ৰিয় গজল শিল্পী ভূপিন্দৰ সিঙৰ মৃ্ত্যু। সোমবাৰে সন্ধিয়া মুম্বাইৰ ক্ৰিটি কেয়াৰ চিকিৎসালয়ত ৭.৪৫ বজাত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে কন্ঠশিল্পীগৰাকীয়ে।
অসুস্থতাৰ বাবে ১০দিন পূৰ্বে হস্পিতালত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল। শিল্পী গৰাকী কোভিডতো আক্ৰান্ত হৈছিল। অৱশেষত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ভূপিন্দৰ সিঙে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮২বছৰ।
ভূপিন্দৰ সিঙৰ জন্ম হৈছিল অমৃতসৰত। তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ আৰু দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সংগীতৰ কেৰিয়াৰ আৰম্ভণি কৰিছিল। ভূপিন্দৰ সিঙে সংগীত জগতৰ প্ৰসিদ্ধ কন্ঠশিল্পী মহম্মদ ৰফি, আৰ ডি বৰ্মন, মদন মোহন, লতা মংগেশকাৰ, আশা ভোশলে, গুলজাৰ এইসকল শিল্পীৰ লগতো একেলগে কাম কৰিছিল।
শিল্পীগৰাকীয়ে কন্ঠ নিগৰোৱা ‘Dil Dhoondta Hai’ ‘Hohon Pe Aise Baat’ , ‘Ek akela is Shehar Mein’, ‘Ek akela is Shehar Mein’, ‘Do diwane shahar mein’, ‘Naam gum jayega’ আদি বলীউডৰ এই জনপ্ৰিয় গীতসমূহ সদায় স্মৰণীয় হৈ ৰ’ব। মহান শিল্পী গৰাকীৰ মৃত্যুত বলীউডত শোকৰ ছাঁ পৰে। শিল্পীগৰাকীৰ মৃত্যু বলীউডৰ এক অপূৰণীয় ক্ষতি।