ফটো-ইনষ্টাগ্ৰাম

নিউজ ডেস্কঃ হিজাব পৰিধানক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ মাজতে হিজাব পৰিধান কৰাৰ পক্ষত মন্তব্য আগবঢ়ালে বলীউড অভিনেত্ৰী সোনম কাপুৰে।

অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ ষ্ট’ৰীত দুখন ফটো শ্বেয়াৰ কৰিছে। এখন ফটোত এগৰাকী পঞ্জাৱী লোকে পাগুৰি পিন্ধি থকা আৰু আন এখনত মুছলমান মহিলা এগৰাকীয়ে হিজাব পৰিধান কৰা। ফটোখনত অভিনেত্ৰী গৰাকীয়ে লিখিছে যদি শিখ পুৰুষে পাগুৰি পিন্ধিব পাৰে তেনেহ’লে মুছলমান নাৰীয়ে হিজাব কিয় পিন্ধিব নোৱাৰে? অভিনেত্ৰীগৰাকীয়ে পাগুৰিৰ সৈতে হিজাবৰ তুলনা কৰি এই বিতৰ্কক এক নতুন মাত্ৰা দিছে।

অৱশ্যে হিজাব সম্পৰ্কে মতামত প্ৰকাশ কৰা সোনম কাপুৰে একমাত্ৰ অভিনেত্ৰী নহয়, বলীউডৰ কেইবাগৰাকীয়ো অভিনেত্ৰীয়েও এই সন্দৰ্ভত মতামত আগবঢ়াইছে।

অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনীয়ে এই বিতৰ্ক সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয়, “বিদ্যালয়সমূহ শিক্ষা গ্ৰহণৰ বাবেহে, ধৰ্মীয় বিষয়সমূহ তালৈ লৈ যোৱাটো উচিত নহয়।’ তেওঁ লগতে কয় যে প্ৰতিখন বিদ্যালয়ৰ ইউনিফৰ্ম আছে যাক সন্মান কৰা উচিত, আপুনি বিদ্যালয়ৰ বাহিৰত যি বিচাৰে পিন্ধিব পাৰে।

অভিনেত্ৰী ৰিচা চাদ্ধাই কৰ্ণাটকৰ এখন শিক্ষানুষ্ঠানত হিজাব পিন্ধা ছোৱালীজনীৰ সন্মুখত শ্ল’গান দি থকা কৰ্ণাটকৰ ল’ৰাবোৰৰ ওপৰত ক্ষোভ ব্যক্ত কৰি এই বিষয়টোৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ।

অভিনেত্ৰীগৰাকীয়ে এটা টুইটযোগে লিখে যে , “আপোনালোকৰ পুত্ৰ সন্তানসকলক এটা সংস্কাৰ দিয়ক। একদল জঘন্য, কাপুৰুষে এগৰাকী এগৰাকী যুৱতীক একেলগে আক্ৰমণ কৰিছে আৰু ইয়াকে লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিছে ? লজ্জাজনক। কেইবছৰমানৰ পিছত এওঁলোকেই নিবনুৱা হৈ হতাশাত ভুগিব। কেনেকুৱা সংস্কাৰ এইয়া। এইসকলৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই।

কিছুদিন পূৰ্বে কৰ্ণাটকৰ এখন শিক্ষা প্ৰতিষ্ঠানত হিজাব পৰিধান কৰা মুছলমান ছাত্ৰী এগৰাকীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা-নকৰাকলৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। এই বিবাদ এতিয়া দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে।

উল্লেখ্য যে, এই হিজাব পৰিধানৰ বিতৰ্কৰ আৰম্ভনি বিগত বছৰৰ ৩১ ডিচেম্বৰৰ পৰা হৈছিল। কৰ্ণাটকৰ এখন চৰকাৰী মহাবিদ্যালয়ত হিজাব পৰিধান কৰা ছয়গৰাকী ছাত্ৰীক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল।

ইয়াৰ পিছৰে পৰা কৰ্ণাটকৰ উদুপীৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত হিজাব পৰিধান কৰাকলৈ আৰম্ভ হোৱা বিবাদ দিনে দিনে বাঢ়ি যাবলৈ ধৰে।

চেলিব্ৰিটিসকলেও এই বিষয়ত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে আৰু ইয়াৰ মাজতে সোনম কাপুৰৰ বক্তব্য বহুলভাৱে চৰ্চিত হৈছে।

লগতে পঢ়কঃমণিপুৰ নিৰ্বাচনৰ দিন সলনি; ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত ভোটদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply