নিউজ ডেস্কঃ সাইলাখ বলীউড অভিনেত্ৰী শ্ৰীদেৱীৰ দৰে মুখাবয়ব। চকু, চুলিকে ধৰি দেহৰ গঠন সম্পূৰ্ণ মিল আছে শ্ৰী দেৱীৰ সৈতে। কিছুদিন ধৰি তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিয়ে অনুৰাগীসকলক পুনৰ শ্ৰীদেৱীৰ স্মৃতি সোঁৱৰাই দিছে। পিছে কোন সেই গৰাকী নাৰী? শ্ৰীদেৱীৰ ভতিজা তথা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী মহেশ্বৰী সম্পূৰ্ণ মিল আছে অভিনেত্ৰী শ্ৰীদেৱীৰ সৈতে। আনকি শ্ৰীদেৱীৰ দুই কন্যা জাহ্নৱী আৰু খুচীতকৈয়ো মহেশ্বৰীৰ চকুজুৰিৰ সম্পূৰ্ণ মিল আছে শ্ৰীদেৱীৰ সৈতে।

দক্ষিণ ভাৰতৰ বিখ্যাত তাৰকা যেনে জগপতি বাবু, জে ডি চক্ৰৱৰ্তী, ৰবি তেজা, অজিত কুমাৰ, বিক্ৰম, প্ৰভু, অৰ্জুন চাৰ্জা, প্ৰভু দেৱা আৰু শিৱ ৰাজকুমাৰৰ সৈতে অধিকাংশ চলচ্চিত্ৰত মহেশ্বৰীক দেখা গৈছিল। দক্ষিণাত্যৰ চলচ্চিত্ৰ গুলাবী (১৯৯৫), কাৰুথাম্মা (১৯৯৪), পেল্লী(১৯৯৭) আৰু উল্লাচাম (১৯৯৭)ত কৰা বলিষ্ঠ অভিনয়ে বিশেষ জনপ্ৰিয় হৈছিল মহেশ্বৰী।

মহেশ্বৰীৰ জন্ম হৈছিল এটা তেলেগু ভাষী পৰিয়ালত। মহেশ্বৰীয়ে ২০০৮ চনত জয়কৃষ্ণ নামৰ এজন অভিযন্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। জয়কৃষ্ণ হায়দৰাবাদৰ এটা ছফ্টৱেৰ কোম্পানীৰ মুৰব্বী আৰু পৰিচালন সঞ্চালক।

মহেশ্বৰীয়ে মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীৰাজাৰ দ্বাৰা পৰিচালিত তামিল চলচ্চিত্ৰ কৰুথাম্মাৰে চলচ্চিত্ৰৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখন বক্স অফিচত যথেষ্ট সফল হৈছিল। সেই ছবিখনৰে এটি গানে তেওঁক দৰ্শকৰ মাজত যথেষ্ঠ জনপ্ৰিয় কৰি তুলিছিল। ইয়াৰ পিছৰে পৰা থমকি ৰ’বলগীয়া হোৱা নাছিল মহেশ্বৰী। প্ৰায় ১০বছৰ ধৰি বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে ২০০০চনত চলচ্চিত্ৰ উদ্যোগটোৰ পৰা অব্যাহতি লয়। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply