গুৱাহাটী, ছৰফৰাজ খান: অহা ১৫ আগষ্টত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি ৭৬তম স্বাধীনতা দিৱস উদযাপন কৰিব, দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুটী ‘আজাদী কা অমৃত মহোৎসৱ’ ইতিমধ্যে বৰ্ষজোৰা কাৰ্যসূচীৰে পালন কৰি অহা হৈছে।
এই উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে যোৱা ১২ আগষ্টত লালগণেশ আৰু কাহিলীপাৰাৰ গণেশমন্দিৰ অঞ্চলত প্ৰতুল শৰ্মাৰ দ্বাৰা ৰচিত আৰু বিদ্যালয়খনৰ নাটৰ শিক্ষয়িত্ৰী প্ৰণামী বৰাৰ দ্বাৰা পৰিচালিত “সপোনৰ বাটেৰে” শীৰ্ষক এখন বাটৰ নাট প্ৰদৰ্শন কৰে।
মডাৰ্ণ ইংলিছ স্কুলৰ শিক্ষাৰ্থীসকলে বিভিন্ন বক্তা আৰু জনজাতিৰ মাজত গঢ় লৈ উঠা এক নিৰ্ভীক মনৰ পৰিৱেশে কেনেদৰে এখন ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰে, সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু পাৰস্পৰিক ক্ৰিয়াশীল সমাজৰ জন্ম দিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বাটৰ নাটখনৰ কাহিনী ‘ৰক্তিম’ চৰিত্ৰটোৰ চৌদিশে ঘূৰি থাকে যি ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত এজন উগ্ৰ সমৰ্থক আৰু বিশ্বাসী যদিও তেওঁ জানে যে ইয়াৰ বাবে সামাজিক সচেতনতা আৰু পুনৰুজ্জীৱনৰ প্ৰয়োজন আৰু এই পৰিৱৰ্তন যুক্তি বা আগ্ৰাসনৰ মাজেৰে নাহে।
নাটকখনত আজিৰ যুৱপ্ৰজন্মই কেনেকৈ নিৰ্ভীক আৰু ধৈৰ্য্যশীল হৈ সমাজত পৰিৱৰ্তন আনিবলৈ কনকলতা বৰুৱা, মুকুন্দ কাকতি, বীৰ টিকেন্দ্ৰজিৎ সিং, কমলা মিৰি আদিৰ দৰে মহান স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱীসকলৰ মতাদৰ্শ আৰু অৱদানৰ বিষয়ে অৱগত হোৱা উচিত সেই বিষয়েও আলোকপাত কৰা হৈছে।
ব্যৱহাৰিক দৃষ্টিভংগীৰ জৰিয়তে সামাজিক ক্ষেত্ৰ আৰু কৰ্ম সংস্কৃতিলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ মহোৎসৱখনত পুৰণি আৰু নতুন প্ৰজন্মৰ দৃষ্টিভংগীৰ মাজত হ’ব পৰা সংঘাতৰ বাবে নিৰ্দিষ্ট সমাধানসমূহৰ বিষয়ে আলোচনা কৰে।