নিউজ ডেস্ক : টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ নিধন। মাত্ৰ ৪০ বছৰ বয়সত টেলিভিছন জগতৰ অভিনেতাজনৰ মৃত্যু ঘটে। পুৱাৰ ভাগত সিদ্ধাৰ্থ শুক্লাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, যত তেওঁৰ মৃত্যু ঘটে।
বালিকা বধু নামৰ ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা টেলিভিছন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ বৃহস্পতিবাৰে নিধন ঘটে। হার্ট এটেকৰ ফলত ৪০ বছৰ বয়সত সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু হয়।
পুৱাৰ ভাগত সিদ্ধাৰ্থ শুক্লাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে। সিদ্ধাৰ্থ শুক্লাই বিগ বছ ১৩ ত অংশগ্ৰহণ কৰাৰ পাছতে অধিক জনপ্ৰিয় হৈ উঠিছিল।
লগতে পঢ়ক : বৰক্ষেত্ৰীৰ বান আৰু গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰিলে জল সম্পদ বিভাগে
সিদ্ধাৰ্থ শুক্লাৰ জন্ম ১২ ডিচেম্বৰ ১৯৮০ চনত মুম্বাইত হৈছিল। মডেলিং কৰি থকা সময়তে সিদ্ধাৰ্থ শুক্লাই নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল। সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বলিউড জগতত শোকৰ ছাঁ পেলাইছে।
সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুয়ে সমগ্ৰ উদ্যোগটোত শোকান্বিত কৰি তুলিছে। কোনেও এইটো বিশ্বাস কৰিবলৈ ইচ্ছুক নহয়। সকলো অভিনেতা আৰু অভিনেত্ৰীৰ দ্বাৰা সিদ্ধাৰ্থ শুক্লালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। শেহতীয়াকৈ সিদ্ধাৰ্থক কৰণ জোহৰৰ অনুষ্ঠান বিগ বছ অ’টিটিত শ্বাহনাজ গিলৰ সৈতে দেখুওৱা হৈছিল।