গুৱাহাটীঃ টেলিভিছনত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’এ দহ বছৰত ভৰি থ’লে। ২০১৩চনৰ আজিৰ দিনটোতেই দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল সকলোৰে মৰমৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘলীয়া সম্প্ৰচাৰিত ধাৰাবাহিকৰ ভিতৰত দ্বিতীয় স্থানত থকা ধাৰাবাহিক ‘বেহাৰবাৰী আউট পোষ্ট ‘।
২০১৩ চনৰ ১২ ছেপ্তেম্বৰত মা দুৰ্গাৰ আশীষ লৈ বিজয়া দশমীৰ দিনাৰ পৰা সম্প্ৰচাৰিত হৈছিল ‘বেহাৰবাৰী আউট পোষ্ট‘ৰ।
এই ধাৰাবাহিকখনত অভিনয় কৰা গোটেই কেইটা চৰিত্ৰই ৰাইজক হাঁহিৰ খোৰাক দিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত সকলোতকৈ জনপ্ৰিয় চৰিত্ৰটো হৈছে মোহন আৰু কেকে চৰিত্ৰ দুটা। মোহনৰ চৰিত্ৰত অভিনয় কৰিছে দীপজ্যোতি কেওঁটে, কে.কে. চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মাই। আনহাতে বাকীকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ ভিতৰত এছআই প্ৰীতম খাৰঘৰীয়াৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰীতম বৰুৱাই, কে.কে. খাটনিয়াৰৰ পত্নী মণিৰ চৰিত্ৰত অভিনয় কৰিছে পাপৰি বৰাই, বিউটী বাইলুঙৰ চৰিত্ৰত অভিনয় কৰিছে চুমকী কছাৰীয়ে, সুস্মিতা সেনৰ চৰিত্ৰত অভিনয় কৰিছে পাৰবিন চুলতানাই, মুকুতা তথা মণিৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰিছে অশ্বিনী ডেকাই।
অসমৰ প্ৰতিটো জাতীয় সমস্যাত সদায় অসমবাসীৰ কাষত থাকি প্ৰতিটো সমস্যাক হাঁহিৰ মাজেৰে ৰসাল আৰু সাৱলীল ভাৱে উপস্থাপন কৰি আহিছে বেহাৰবাৰী আউট পোষ্টে। পৰিয়াল-সমাজ সকলোৰে অনেক স্পৰ্শকাতৰ বিষয় শক্তিশালী ৰূপত ডাঙি ধৰি সমাধানৰ এনে পথৰ সন্ধান দি আহিছে বেহাৰবাৰী আউট পোষ্টে।
২৪০০তকৈও অধিক খণ্ড অতিক্ৰম কৰি শুকুৰবাৰে ভৰি দিলে গৌৰৱোজ্বল দশম বৰ্ষত। এই দহবছৰীয়া যাত্ৰাৰ কালত বেহাৰবাৰী আউট পোষ্টৰ লগত জড়িত প্ৰতিজন শিল্পী-কলা-কুশলীয়ে শুভাকাংশী তথা শ্ৰদ্ধাৰ দৰ্শক ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।