নিউজ ডেস্ক- কালি মুক্তি লাভ কৰিছে বহু প্ৰত্যাশিত ছবি আদিপুৰুষ। ছবিখন চোৱাৰ পাছত একাংশ ৰাইজে ছবিখনক আদৰি লোৱাৰ বিপৰীতে সমালোচনা কৰাহে দেখা পোৱা গৈছে।

ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা ইয়াৰ ভিএফএক্সক লৈ তীব্ৰ সমালোচনা কৰা দেখা পোৱা গৈছিল। কেৱল ভিএফএক্সেই নহয়,  চৰিত্ৰবোৰৰ সাজ-পোছাক, তেওঁলোকৰ সংলাপকো লৈ সমালোচনা কৰিছে দর্শকে।

জানিব পৰা মতে, ছবিখন ৫০০ কোটি টকাত নির্মাণ কৰা হৈছে। এই ছবিখন পৰিচালনা কৰিছে ওম ৰাউটে। আনহাতে ছবিখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা দেৱদত্ত নাগে আনহাতে অভিনেতা ছানী সিঙে ছবিখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply