নিউজ ডেস্ক: দ্যা কাশ্মীৰ ফাইলছৰ দৰে বিতৰ্কত সোমাই পৰা নতুন হিন্দী ছবি “দ্যা কেৰালা ষ্ট’ৰী” ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী সদস্য আৰু নিজ পৰিয়ালৰ সৈতে ১১ মে’ ত ছবিগৃহত চাবলৈ যাব বুলি জনাই। সোমবাৰে কেবিনেট বৈঠকৰ পিছত অনুষ্ঠিত হোৱা সংবাদ মেল সম্বোধন কৰাৰ সময়ত ছবিখনক লৈ সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে ছবিখনক লৈ মন্তব্য কৰাৰ পৰা দূৰৈত থাকে। কেৱল তেওঁ ১১ মে’ ত ছবিখন ছবিগৃহ চোৱাৰ কথা কোৱাৰ লগতে সংবাদ মাধ্যমক চাবলৈ আমন্ত্ৰণ জনাই।

চুবুৰীয়া ৰাজ্য পশ্চিম বংগত নিষিদ্ধ ঘোষণা,

ইফালে ছবিখন দেশজুৰি বিতৰ্কত সোমাই পৰাৰ পিছত চুবুৰীয়া ৰাজ্য পশ্চিম বংগত সোমবাৰে নিষিদ্ধ ঘোষণা কৰিছে। ছবিখনৰ নিষিদ্ধ ঘোষণা কৰাৰ কাৰণক লৈ এজন জ্যেষ্ঠ অধিকাৰীয়ে কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘৃণা আৰু হিংসাৰ যিকোনো ঘটনা পৰিহাৰ কৰিবলৈ বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ প্ৰদৰ্শনত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ দিছে। আনহাতে, সোমবাৰে দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ই কেৰেলাক বদনাম কৰাৰ উদ্দেশ্য নিৰ্মিত কৰা হৈছে আৰু ইয়াৰ তথ্য সমূহ বিকৃত কৰা হৈছে।

পশ্চিম বংগত নিষিদ্ধ কৰাৰ আগতেই তামিলনাডুতো এই ছবিখনৰ নিষিদ্ধ কৰা হৈছিল। ইফালে আকৌ মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে ছবিখনক ৰাজ্যত সম্পূৰ্ণ কৰমুক্ত ঘোষণা কৰিছে।

দ্যা কেৰালা ষ্ট’ৰী ৰ ছবিখনৰ বিষয়ে কিছু,

৫ মে’ত মুক্তি পোৱা বিতৰ্কিত চিনেমা দ্যা কেৰালা ষ্ট’ৰীয়ে কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা ৩২,০০০ হাজাৰ মহিলাৰ কথা ৪ গৰাকীৰ ছোৱালীৰ জৰিয়তে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। ছবিখনৰ কাহিনী অনুযায়ী কেৰেলাৰ হিন্দু আৰু খ্ৰীষ্টান যুৱতীসকলক ধৰ্মান্তৰিত কৰি মধ্য প্ৰাচ্য দেশলৈ সন্ত্ৰাসবাদীৰ যৌনকৰ্মী হিচাপে লৈ যোৱা হৈছিল। পিছত তাতেই যুৱতীসকলক হত্যা কৰি দিয়া হৈছে বুলি ছবিখনৰ জৰিয়তে দেখুৱা হৈছে।

YouTube video

কেৰালাৰ মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰিহণা,

ছবিখনকলৈ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তীব্ৰ গৰিহণা দিছে। মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে, ধৰ্মনিৰপেক্ষতাৰ ভূমিস্বৰূপ ৰাজ্যখনক সন্ত্ৰাসবাদৰ ৰাজধানী হিচাপে চিত্ৰিত কৰি ছবিখনে অপপ্ৰচাৰ কৰিছে।

কেইবছৰমানত এক ভয়ংকৰ সন্ত্ৰাসবাদৰ উদ্ভৱ হৈছে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ কৰ্ণাটকৰ এখন নিৰ্বাচনী ৰেলীত দ্যা কেৰালা ষ্ট’ৰী কথা উল্লেখ কৰিছে। তেওঁ কয় যে, “যোৱা কেইবছৰমানত এক ভয়ংকৰ সন্ত্ৰাসবাদৰ উদ্ভৱ হৈছে। ই কেৰালাৰ দৰে ৰাজ্যত দ্ৰুতগতিত বিয়পি পৰিছে। কংগ্ৰেছে এতিয়া ছবিখন নিষিদ্ধ কৰি সন্ত্ৰাসবাদী উপাদানৰ প্ৰচাৰৰ বাবে কাম কৰি আছে। এইবোৰে কেৱল বস্তুবোৰ কেনেদৰে নিষিদ্ধ কৰিব লাগে সেইয়াই হে জানে”।

প্ৰধানমন্ত্ৰী এজন অভিনেতা ৰ লগতে এজন চলচ্চিত্ৰ প্ৰচাৰক- ওৱাইচি,

ইফালসে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিয়ে মোডীক লক্ষ্য কৰি কয় যে, “আমাৰ প্ৰধানমন্ত্ৰী এজন অভিনেতা ৰ লগতে এজন চলচ্চিত্ৰ প্ৰচাৰক হৈ পৰিছে। ১৩০ কোটি লোকৰ প্ৰধানমন্ত্ৰীয়ে এখন মিছা চলচ্চিত্ৰৰ প্ৰচাৰ কৰি আছে। মই চলচ্চিত্ৰ নিৰ্মাতাসকলক সুধিব বিচাৰো যে এইটো কল্পকাহিনী নে সত্য কাহিনী”।

বিবিচিৰ তথ্য চিত্ৰখন দেখুৱাই দিয়ক- আব্বাছ হাফিজ,

আনহাতে মধ্যপ্ৰদেশৰ শাসনাধিস্থত বিজেপি চৰকাৰৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু দিগ্বিজয় সিঙৰ বাবে এই ছবিখনৰ টিকট বুক কৰিছে বুলি জনাই। ইয়াৰ প্ৰতুত্ত্যৰত কংগ্ৰেছ মিডিয়া বিভাগৰ উপ-সভাপতি আব্বাছ হাফিজে কয়, আমি এই ছবিখন আমাৰ নিজৰ ধনেৰে চাম, কিন্তু আপুনি বিবিচিৰ তথ্য চিত্ৰখন দেখুৱাই দিয়ক।

ছবিখন পৰিচালক সুদীপ্ত সেন,

উল্লেখ্য যে, ২৮ কোটি টকাৰে নিৰ্মিত ছবিখন পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজনা কৰিছে বিপুল অমৃতলাল শ্বাহে। ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে আদাহ শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী, সিদ্ধি ইদনানী, দেৱদৰ্শিনী, বিজয় কৃষ্ণ, প্ৰণয় পাচৌৰী আৰু প্ৰণৱ মিশ্ৰা। Bollymoviereviewz ৰ তথ্য অনুসৰি ছবিখনে ইতিমধ্যেই ৪৪ ৰ পৰা ৪৬ কোটিৰ ভিতৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক – চিকিৎসক দম্পতীৰ কাণ্ডক লৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিব মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply