নিউজ ডেস্কঃ টুইটাৰৰ নৱ নিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালৰ কেইটামান টুইটে সম্প্ৰতি চৰ্চাৰ সৃষ্টি কৰিছে।
কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হোৱাৰ পিছতেই বহুতে তেওঁৰ টুইটৰ নানা ধৰণেৰে ট্ৰ’ল কৰিব আৰম্ভ কৰিছে।
টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ পূৰ্বে পৰাগ আছিল কোম্পানীটোৰ চীফ টেকন’লজি অফিচাৰ। ২০১১চনৰ ৩০মে’ত কন্ঠশিল্পী শ্ৰেয়া ঘোষালক পৰাগে আমোদজনক কিছুমান টুইট কৰিছিল। এতিয়া সেই টুইটসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ব ধৰিছে।
সেই টুইট সমূহ আছিল এনেকুৱা ধৰণৰ, ”শ্ৰেয়া ঘোষাল Long drive গ’লে তোমাৰ কথা খুব মনত পৰে। খা-খবৰ কেনেকুৱা চলি আছে?” কোনোবাটো টুইটত লিখিছে , ”DP খন খুব ভাল লাগিছে”
পৰাগ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হোৱাৰ পিছতেই কোনোৱে এই টুইট সমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰ পিছতেই ভাইৰেল হৈ পৰিল এই টুইট সমূহ।
কোনো টুইটাৰ ব্যৱহাৰকাৰীয়ে পৰাগ আগৰৱালাৰ এই টুইটটো শ্বেয়াৰ কৰি লিখিছে, ”টুইটাৰৰ চিইঅ’ সঁচাকৈয়ে অন্তৰৰ পৰা ভাৰতীয়।”
কোনোৱে এই টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, ”মোৰ বিশ্বাস এতিয়া তেওঁ নিশ্চয় edit buttonৰ গুৰুত্বটো বুজি পাইছে।”
এই ধৰণৰ টুইট দেখি কোনো কোনোৱে তেওঁৰ চৰিত্ৰক সন্দেহ কৰিয়ো প্ৰশ্ন উত্থাপন কৰিছে।
পিছে শ্ৰেয়া ঘোষালৰ এটা টুইটে সকলোৰে ধাৰণাটো সলনি কৰি দিলে। শ্ৰেয়া আৰু পৰাগ দৰাচলতে সৰুকালৰে বন্ধু।
এই টুইটটো দেখাৰ পৰাহে সকলোৱে শ্ৰেয়া আৰু পৰাগৰ বন্ধুত্বৰ সম্পৰ্কটোক লৈ নিশ্চিত হয়। শ্ৰেয়া ঘোষালে টুইটাৰত এখন ফটো শ্বেয়াৰ কৰিছিল য’ত শ্ৰেয়া ঘোষালৰ সৈতে তেওঁৰ স্বামী শিলাদিত্য় আৰু পৰাগ আগৰৱালাকো একেলগে দেখা গৈছিল।