নিউজ ডেস্কঃ দুজন ব্যক্তিক অনুকৰণ কৰি এটা ভালুকে কৰিছে ৱৰ্ক আউট। বৰফাবৃত জংঘলৰ মাজত দুজন লোকে ৱৰ্ক আউট কৰি থকা দৃশ্যক অনুকৰণ কৰিছে এটা ভালুকে।
এজন ব্যক্তিয়ে গছ এডালত ধৰি ব্যায়াম কৰি আছে আৰু আনজনে তেওঁক প্ৰশিক্ষণ দি আছে। এনেতে তেওঁলোকৰ পিছফালে এটা ভালুকে গছৰ ডাল এডালত ধৰি ব্যায়াম কৰি আছে।
যিসকলে এই ভিডিঅ’টো ছচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰিছে ভালুকৰ এই কাৰ্যত আচম্বিত হৈছে। গ্ৰীজলী নামৰ ভালুকৰ এই প্ৰজাতিটো পৃথিৱীৰ আটাইতকৈ বিপদজনক ভালুকবোৰৰ ভিতৰৰে এটা প্ৰজাতি।
সামাজিক মাধ্যমত এই ভিডিঅ’টো প্ৰায় ২ কোটি ৮০ লাখতকৈ অধিক লোকে প্ৰত্যক্ষ কৰিছে। @platini954 নামৰ এটা টুইটাৰ একাউন্ট যোগে এই ভিডিঅ’টো কৰা শ্বেয়াৰ হৈছিল।