নিউজ ডেস্কঃ অসম জীয়ৰী অভিনেত্ৰী উৰ্মিলা মহন্তৰ বিয়া। দক্ষিণ ভাৰতৰ অভিনেতা আৰ বদ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকী।
২৫এপ্ৰিলত চেন্নাইত দক্ষিণ ভাৰতৰ ৰীতি-নীতি অনুযায়ী দুয়োৰে বিবাহ কাৰ্য সম্পন্ন হ’ব।
কভিড১৯ ৰ ভয়াবহতাৰ বাবে অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হ’ব বিবাহকাৰ্য।
বিবাহৰ অনুষ্ঠানত দুয়োগৰাকীৰে পৰিয়ালৰ লোক আৰু অতি ঘনিষ্ঠ বন্ধুসকলহে উপস্থিত থাকিব।
আৰ বদ্ৰীয়ে এই বৰ্ষতে মুক্তি পাবলগীয়া কবীৰ খানৰ চিনেমা ”83”ৰে প্ৰথম বলীউদত প্ৰৱেশ কৰিছে।
এক টেলিভিছনৰ সাক্ষাৎকাৰ অনুষ্ঠানতে উৰ্মিলা আৰু আৰ বদ্ৰীৰ প্ৰথম চিনাকি হৈছিল।
এই চিনাকিয়ে প্ৰথমে বন্ধুত্ব, পিছলৈ প্ৰেম আৰু পৰৱৰ্তী সময়ত এই প্ৰেমক সাক্ষী কৰি দুয়ো চিৰজীৱনলৈ বিবাহৰ জৰীৰে আৱদ্ধ হৈ পৰিব।
অভিনেত্ৰী উৰ্মিমা মহন্তই বলীউদৰ কেইবাখনো চলচ্চিত্ৰত কাম কৰি বিশেষ সফলতা অৰ্জন কৰিছে।
জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ লগত ‘পেড মেন’ ছবিখনতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক।
তেওঁ ‘মাঝী, দ্য় মাউন্টেইন মেন’, আকিৰা আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি বিশেষ প্ৰশংসা লাভ কৰিছে।
উৰ্মিলা মহন্তই মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত জন্মগ্ৰহণ কৰিছিল।
সোণাপুৰৰ ডিমৰীয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পাছত অভিনয়ৰ শিক্ষা ল’বলৈ তেওঁ পুণেলৈ গুচি যায়।
পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত তেওঁ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।
দাক্ষিণাত্যৰ এখন চিনেমাৰে তেওঁৰ চিনেমা জগতত প্ৰথম প্ৰৱেশ কৰিছিল। দক্ষিণ ভাৰতৰ বহু কেইটা প্ৰজেক্টত উৰ্মিলাই কাম কৰিছে।
তেওঁ ”আলিয়া” নামৰ চুটী চলচ্চিত্র খনত কৰা অভিনয়ৰ বাবে ২০১২ চনত মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত বিশেষ সমালোচকৰ বিশেষ বঁটা লাভ কৰিছিল।
উৰ্মিলা মহন্তই অসমীয়া চিনেমা ”কথানদী”ত কৰা অভিনয়ে দৰ্শকক বিশেষ ভাৱে আপ্লুত কৰিছে।
তেওঁ তৰালী শৰ্মাৰ ”হেঙুলীয়া” গীতটোতো অভিনয় কৰি বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।