নিউজ ডেস্কঃ উৰ্বশী ৰৌতেলা বলীউডৰ এগৰাকী আটাইতকৈ ধুনীয়া অভিনেত্ৰী। তেওঁৰ সৌন্দৰ্যত বহু পুৰুষ বলীয়া। বিভিন্ন সময়ত, বহুতে তেওঁক প্ৰেম বা বিবাহৰ প্ৰস্তাৱ দিছিল। এক সাক্ষাৎকাৰত, উৰ্বশীয়ে তেওঁলৈ আগবঢ়োৱা এক বিবাহৰ প্ৰস্তাৱৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁক সোধা হৈছিল, আপুনি কেতিয়াবা অদ্ভুত ধৰণৰ প্ৰস্তাৱ পাইছে নেকি? ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয় যি প্ৰকাশ কৰিলে আপুনি জানি আচৰিত হ’ব।

অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ইজিপ্তৰ এগৰাকী বিখ্যাত গায়কে তেওঁক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ অস্বীকাৰ কৰিছিল। কথোপকথনৰ সময়ত, অভিনেত্ৰীগৰাকীয়ে ইয়াৰ আঁৰৰ কাৰণো বৰ্ণনা কৰিছিল। ”কিছুমান দিশত আমাৰ মাজত যথেষ্ট পাৰ্থক্য আছিল সেয়েহে মই প্ৰস্তাৱটো নাকচ কৰিব লগীয়া হৈছিল।”

অভিনেত্ৰীগৰাকীয়ে এইটোও প্ৰকাশ কৰিছিল যে গায়িকাগৰাকীৰ দুগৰাকী পত্নী আৰু চাৰিটা সন্তান আছে।

উৰ্বশীয়ে কৈছিল যে তেওঁ এনে ধৰণৰ বহুতো প্ৰস্তাৱৰ সন্মুখীন হৈছে, কিন্তু ইমান ডাঙৰ সিদ্ধান্তৰ বাবে বহু দিশ চাবলগীয়া হয়। বিশেষকৈ মহিলাসকলে এইক্ষেত্ৰত বহুত চিন্তা কৰিব লাগিব কিয়নো এনেধৰণৰ সিদ্ধান্ত লোৱাটো ইমান সহজ নহয়। অভিনেত্ৰীগৰাকীয়ে গায়কগৰাকীৰ নাম প্ৰকাশ কৰা নাছিল, কিন্তু তেওঁ নিশ্চিতভাৱে স্বীকাৰ কৰিছিল যে তেওঁ ইজিপ্তৰ আছিল। দুয়ো ইজনে সিজনক ডুবাইত লগ পাইছিল।

অভিনেত্ৰীগৰাকীৰ এই ঘটনাটো মুকলিকৈ অৱগত কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত বহুতে গায়িকাগৰাকী কোন হয় অনুমান কৰিয়ে লৈছে। এজন ব্যক্তিয়ে সাক্ষাৎকাৰটোৰ ভিডিঅ’টোত মন্তব্য কৰিছিল। তেওঁ ইজিপ্তৰ গায়ক মহম্মদ ৰমজানৰ নাম লিখিছিল। উৰ্বশীক ২০২১ চনত সেই গায়ক জনৰ সৈতে এটা সংগীত ভিডিঅ’ত দেখা গৈছিল। সেই গানটো নাম আছিল ভিএছ বেবী।

উল্লেখ্য যে, ২০১৩ চনত উৰ্বশীয়ে ৰোমাণ্টিক কমেডি চিনেমা ‘সিং চাব দ্য গ্ৰেট’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। চলচ্চিত্ৰখনত, তেওঁৰ লগতে অভিনয় কৰিছিল চানী দেওল আৰু অমৃতা ৰাওৱে। ২০২১ চনত মুক্তি লাভ কৰা মিউজিক ভিডিঅ’ এলবামটো উৰ্বশীৰ প্ৰথম International music video এলবাম আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply