নিউজ ডেস্কঃ বলীউড অভিনেত্ৰী কেটৰীণা কাঈফ আৰু বিকী কৌশল দীৰ্ঘদিন ধৰি প্ৰেমৰ বান্ধোনেৰে দুয়ো বান্ধ খাই আছে।

দুয়োয়ে ৰাইজৰ চকুৰ পৰা এই বিষয়ে আঁতৰাই ৰাখিছে, যদিও বলীউড ইণ্ডাষ্ট্ৰীৰ ভিতৰৰ সকলে দুয়োৰে মাজৰ সম্পৰ্কক লৈ নিশ্চিত হৈছে।

কিন্তু এই ৰূমান্তিক যুঁটিটোৱে ৰাজহুৱাভাৱে এই বিষয়ে এতিয়ালৈকে অৱগত কৰা নাই।

কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দুয়োৰে আঙুঠি পিন্ধোৱাৰ বাতৰি ভাইৰেল হৈ পৰিছিল। অনুৰাগীসকলে সামাজিক মাধ্যমত দুয়োকে শুভেচ্ছাও জ্ঞাপন কৰিছিল।

লগতে পঢ়কঃযোৱা ২৪ ঘন্টাত কেৰেলাত আক্রান্ত হৈছে ২৫ হাজাৰ ১০ জন লোক

পিছে বিকী কৌশলৰ পৰিয়ালে এই খবৰ নস্যাৎ কৰিছে। অভিনেতাজনৰ ভ্ৰাতৃ ছানী কৌশলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এইটো এটা উৰাবাতৰি। এই খবৰ ভাইৰেল হোৱা বুলি গম পাই আমাৰ প্ৰথমে হাঁহি উঠিছিল। এই বাতৰি লৈ তেওঁলোকৰ পৰিয়ালত ৰগৰো উঠিছিল।

ছানীয়ে কয় যে এই খবৰ যেতিয়া তেওঁলোকে লাভ কৰে সেইসময়তে বিকী জিমৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁৰ পিতৃ-মাতৃয়ে বিকীক ধেমালি সুৰেৰে সুধিছিল ‘তোমাৰ Engagement হৈ গ’ল মিঠাই টো খুওৱা আমাক।’

বিকীৰ উত্তৰ আছিল ‘যিহেতু Engagement ৰ খবৰ কাল্পনিক গতিকে মিঠাইয়ো কাল্পনিকে হ’ব।’

অভিনেতাজনৰ পৰিয়ালে ইতিমধ্যে বিকি আৰু কেটৰীণাৰ বাগদানৰ খবৰ অস্বীকাৰ কৰিছে যদিও দুয়োৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি থকাৰ কথাও কিন্তু অস্বীকাৰ কৰিব নোৱাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply