নিউজ ডেস্কঃবলীউড অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফৰ প্ৰেমৰ সম্পৰ্ক বৰ্তমান চৰ্চাত আছে। কিন্তু তাৰকা দুগৰাকীয়ে ৰাজহুৱাভাৱে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ একো প্ৰকাশ কৰা নাই। বিকী-কেটৰিনাই গোপনে Engagement কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাই আহিছে ৷
ইয়াৰ মাজতে শেহতীয়াকৈ দুয়োগৰাকীয়ে বিবাহৰ প্ৰস্তুতি আৰম্ভ কৰাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে বিয়াৰ তাৰিখটোও নিৰ্ধাৰণ হৈছে।
সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা মতে, দুয়ো আগন্তুক ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিবাহৰ বাবে কেটৰিণাই প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সব্যসাচীৰ লেহেংগা পৰিধান কৰিব বুলিও চৰ্চিত হৈছে ৷ কেটৰিণাই চিল্ক ফেব্ৰিকৰ লেহেংগা বাচনি কৰিছে ৷
লগতে পঢ়কঃচীনত পুনৰ ক’ভিডৰ আতংক; ৪ নিযুত জনসংখ্যাৰ লাঞ্জৌ চহৰত লকডাউন ঘোষণা
দুয়োৱে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে একো নজনালেও দুয়ো কেইবাবাৰো অৱসৰ-বিনোদনৰ বাবে বিদেশলৈ যোৱা দৃশ্য আৰু ফটো সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ৷ শেহতীয়াকৈ বিকী কৌশলৰ ছবি ‘চৰদাৰ উধম’ৰ স্ক্ৰীণিঙৰ সময়ত বিকিয়ে কেটৰিনাক আলিঙ্গন কৰা দেখা গৈছিল। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
দুয়োৰে মাজত থকা এনেধৰণৰ বহুকেইটা অন্তৰংগ মূহুৰ্তই তেওঁলোকৰ সম্পৰ্কটো সঁচাৰ দিশে প্ৰতিফলিত কৰে ৷