নিউজ ডেস্কঃ শাওন মাহ চলি আছে। শাওনৰ এই সময়চোৱাত ছ’চিয়েল মিডিয়াত এটা গীত খুব ভাইৰেল হৈছে। ‘হৰ হৰ শ্বম্ভু’ শীৰ্ষক গীতটো হয়তু সকলোৱে শুনিছে। ইউ টিউব, ইনষ্টাগ্ৰাম ৰীলত প্ৰায়ে যুৱক-যুৱতী সকলক এই গীতটোত শ্বৰ্ট ভিডিঅ’ বনোৱা দেখা গৈছে। প্ৰায় দুমাহ মানৰ পূৰ্বে মুক্তিলাভ কৰিছিল গীতটো। পিছে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে এই গীতটিক লৈ। গীতটোত কন্ঠদান কৰা শিল্পীগৰাকী প্ৰকৃততে কোন? ইউটিউব গায়িকা ফৰমানি নাজে কন্ঠদান কৰা গীতটি ইউটিউবত মুক্তিলাভ কৰা লগে লগে বিতৰ্কৰ সৃষ্টি হয়।ইউটিউবত ফৰমানি নাজে কন্ঠদান কৰা গীতটি প্ৰায় ৩.৬ মিলিয়ন দৰ্শকে প্ৰত্যক্ষ কৰিছে।

প্ৰকৃততে গীতটিৰ প্ৰকৃত গায়িকা ফৰমানি নাজ নহয়। গীতটিৰ অৰিজিনেল ভাৰ্ছনটো দুমাহৰ পূৰ্বে মুক্তিলাভ কৰিছিল। সেই গানটো প্ৰত্যক্ষ কৰিছিল প্ৰায় ৭২মিলিয়ন লোকে। গীতটোৰ অৰিজিনেল ভাৰ্ছনটো কন্ঠদান কৰিছিল অভিলিপ্সা পাণ্ডা আৰু জিতু শৰ্মাই। এই গীতটোৰ জৰিয়তে অভিলিপ্সা ৰাতিৰ ভিতৰতে ষ্টাৰ হৈ গৈছিল। অভিলিপ্সাই বিভিন্ন গীত পৰিৱেশন কৰিছে কিন্তু এই গীতটোৱে গায়িকাগৰাকীক মানুহৰ মাজত এগৰাকী সুদক্ষ গায়িকা হিচাপে পৰিচিত কৰাই দিছিল। 

অভিলিপ্সা উড়িষ্যাৰ বাসিন্দা। চাৰিবছৰ বয়সৰ পৰাই তেওঁ ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণ লৈছিল। কন্ঠশিল্পীৰ লগে লগে অভিলিপ্সা এগৰাকী ওডিছি নৃত্যশিল্পীও। মাৰ্ছেল আৰ্ট আৰু কেৰাটেৰো প্ৰশিক্ষণপ্ৰাপ্ত অভিলিপ্সা। ২০১৯চনত তেওঁ ৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকো লাভ কৰিছিল। লগতে অভিলিপ্সা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী তাৰ্কিকো ।

২০০১চনৰ ‘Odisha Super Singer’ নামৰ ৰিয়েলিটী শ্ব’টোত অংশগ্ৰহণ কৰিছিল অভিলিপ্সাই বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ‘হৰ হৰ শম্ভু‘ ৰ সফলতাৰ সন্দৰ্ভত অভিলিপ্সাই এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ এই গানটো কেৱল নতুন প্ৰজন্মই নহয়, জ্যেষ্ঠসকলেও পছন্দ কৰিছে। আনকি সকলো ধৰ্মৰ মানুহে এই গীতটো প্ৰচণ্ড কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply