নিউজ ডেস্কঃ শেহতীয়াকৈ কিছুদিন পূৰ্বে বলিউডৰ দাবাং ছলমান খানাক দিছিল হত্যাৰ ভাবুকি।

ছলমান খানৰ কাৰ্যলয়লৈ এক মেইলৰ জৰিয়তে দিছিল অভিনেতা গৰাকীক হত্যাৰ ভাবুকি।

তাৰ পিছতেই ছলমান খানৰ কাৰ্যলয়ৰ তৰফৰ পৰা মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰিছিল।

এজাহাৰ দাখিলৰ পিছতেই অভিনেতা গৰাকীক মুম্বাই আৰক্ষীৰ তৰফৰ পৰা ৱাই প্লাছৰ কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে।

আৰক্ষীয়ে এজাহাৰ ভিত্তিতেই তদন্ত চলাই প্ৰাৰম্ভিক তথ্য লাভ কৰিছে কৰ পৰা এই দাবাং খানক হত্যাৰ ভাবুকি দিছিল।

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, ছলমান খানলৈ দিয়া হত্যাৰ ভাবুকিৰ যি মেইল সেইয়া এক বিট্ৰেইনৰ লিংক।

মেইলটো UK ৰ মোবাইল নম্বৰৰ সৈতে সংযুক্ত থকা মেইল আইডি ৰ পৰা দিয়া হৈছিল ছলমান খানলৈ হত্যাৰ ভাবুকি।

এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা কোনে এই হত্যাৰ ভাবুকি ছলমানলৈ দিছিল। মুম্বাই আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ছলমান খানৰ কাৰ্যলয়ৰ তৰফৰ দিয়া এজাহৰত কাৰাগাৰত বন্দী হৈ থকা লৰেন্স বিষ্ণুৱৈ, গোল্ডি ব্ৰাৰ আৰু ৰোহিত গাৰ্গে হত্যাৰ ভাবুকি দিছে বুলি অভিযোগ দাখিল কৰিছে।

ছলমানলৈ এইয়া প্ৰথম ভাবুকি নহয় কিন্তু যেতিয়াৰ পৰা লৰেন্স বিষ্ণুৱৈ নেতৃত্বত সিদ্ধু মুছেৱালাক হত্যা কৰা হ’ল তেতিয়াৰ পৰাই ছলমান খানাৰ নিৰাপত্তা সময়ে সময়ে বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে।

লগতে পঢ়ক – গুৱাহাটীত উপস্থিত ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply