নিউজ ডেস্ক: দাক্ষিণাত্যৰ চিনেমা চোৱাৰ পৰিৱৰ্তে অসমৰ দৰ্শকক অসমীয়া চিনেমা চাবলৈ আহ্বান জনালে জুবিন গাৰ্গে। বুধবাৰে নিশা এখন বিহু মঞ্চত গায়ক গৰাকীয়ে দাক্ষিণাত্যৰ ‘ফটুৱা’ চিনেমা চোৱাতকৈ সকলোৱে অসমীয়া ছবি আগুৱাই নিব লাগে বুলি কয়।

দক্ষিণৰ KGF, RRR আদিৰ দৰে চিনেমাক সমালোচনা কৰি তেওঁ কয়, ”সিহঁতৰ চিনেমা এনেই। মানুহ দলিমাৰি দিয়ে, মটৰ চাইকেল দাঙি দিয়ে। আৰু আমি বুৰ্বক নিচিনাকৈ চাই থাকো। এনে হ’ব পাৰে নেকি। এইবিলাক ফটুৱা চিনেমা।”

”ফটুৱা চাউথ ইণ্ডিয়ান চিনেমা নাচাব। সিহঁতক ধনী কৰি লাভ নাই। আমাৰ মানুহক ধনী কৰিব লাগে। আমি সকলোৱে অসমীয়া ছবিক আগুৱাই নিব লাগিব,” তেওঁ লগতে কয়।

সেইবিলাক চিনেমা চাবলৈ অসমৰ মানুহ গৰু নহয় বুলি উল্লেখ কৰি অসমীয়া মানুহে চিনেমা বুলি গেৰান্টী দিলে দৰ্শকক ভাল চিনেমা উপহাৰ দিব বুলি মন্তব্য কৰে।

‘আমি গৰু নহয়, আমি বাঘ। মোক আপোনালোকে চিনেমা চাব বুলি গেৰাণ্টী দিয়ক, মই গেৰাণ্টীৰে সৈতে কৈছো ভাল চিনেমা উপহাৰ দিম, জুবিনে কয়।

লগতে পঢ়ক – বিমলৰ বিজ্ঞাপন কৰি অৱশেষত অনুৰাগীৰ পৰা ক্ষমা বিচাৰিলে অক্ষয় কুমাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply