গুৱাহাটী : এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে মঙলবাৰে গুৱাহাটীত কনজুমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসম আৰু কনজুমা ভয়েচ, নতুন দিল্লী উদ্যোগত তথা অসম চাইকেলিং সন্থা আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত চাইকেলাথন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক যুৱ চাইকেলিষ্টক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে।

মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেওঁলোকক শুভেচ্ছাও জনায়। ইয়াৰ পূর্বে বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা চাইকেলাথন কাৰ্যসূচীৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ আইজিপি দেৱৰাজ উপাধ্যায়, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, উপকৰআয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই।

শেহতীয়া গ্লোবেল য়ুথ টবাক চাৰ্ভেৰ উদ্ধৃতি দি বক্তা সকলে কয়  য়ে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। বছৰটোৰ এটা দিনে নহয়, বৰং প্ৰতিটো দিনেই ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়। কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন বুলিও তেওঁলোকে সতৰ্ক কৰি দিয়ে। তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

লগতে পঢ়ক –  ২ জুনত বিজেপিত যোগদান কৰিব হাৰ্দিক পেটেলে!

খানাপাৰাৰ পৰা উলুবাৰীহৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্ট সকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰা, যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰা, ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞা পত্ৰৰ ব্যৱস্থা আৰম্ভ কৰা আদি সন্দৰ্ভত সৰ্বসাধাৰণ লোকৰ মাজত ব্যাপক সজাগতা অভিযান চলায়। কনজুমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম,অসমৰ সচিব অধিবক্তা অজয় হাজৰিকা আৰু অসম চাইকেলিং সন্থাৰ সাধাৰণ সম্পাদক ডঃ তপন দাসে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত যুৱ চাইকেলিষ্ট সকলে এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply