বৰপেটা : শনিবাৰে দুপৰীয়া ভাগত বৰপেটাৰ চৰাঞ্চলত চলিল ঘূর্ণীবতাহৰ তাণ্ডৱ। ঘূর্ণীবতাহৰ ফলত বৰপেটাৰ চৰাঞ্চলবাসী ৰাইজ আতংকিত হৈ পৰে। ব্যাপক ক্ষতি সাধন হোৱাৰ সম্ভাৱনা।
শনিবাৰে দুপৰীয়া ভাগত বৰপেটা জিলাৰ চৰাঞ্চলত ঘূর্ণীবতাহৰ ফলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষকৈ বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চেনীমাৰী গাঁৱত ঘূর্ণীবতাহৰ তাণ্ডৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
লগতে পঢ়ক – ধেমাজি নলনিপামত ৩৮সংখ্যক ধেমাজি নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন
ঘূর্ণীবতাহে তাণ্ডৱ চলাই চেনীমাৰী গাঁৱত বহু লোকৰ ঘৰ-দুৱাৰ উৰুৱাই নিয়ে। চেনীমাৰী গাঁৱৰ লগতে চেঙাৰ কেইবাখনো গাঁওত ঘূর্ণীবতাহে তাণ্ডৱ চলায় বুলি জানিব পৰা গৈছে।