নিউজ ডেস্ক – টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ আজি, ৪ ছেপ্টেম্বৰ, দেওবাৰে মুম্বাইৰ ওচৰৰ পালঘৰত এক পথ দুৰ্ঘটনাত মৃত্যু হয়। পালঘৰ আৰক্ষীৰ মতে, মিস্ত্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা কৰি আছিল আৰু তেনে সময়তে তেওঁৰ গাড়ীখনে ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে। গাড়ীখনত উপস্থিত থকা চাৰিজন লোকৰ ভিতৰত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়, আৰু আনসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। দুৰ্ঘটনাটোত চাইৰাছ মিস্ত্ৰী আৰু জাহাংগীৰ দিনেশা পাণ্ডোল নিহত হোৱাৰ বিপৰীতে আনায়াত পাণ্ডোল আৰু দাৰিশ্যশ পাণ্ডোলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
পালঘৰ আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, গাড়ী চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। ইতিমধ্যে নিয়ম অনুসৰি দুৰ্ঘটনাজনিত মৃত্যু প্ৰতিবেদন (এডিআৰ) দাখিল কৰা হৈছে।”
মিস্ত্ৰীৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে লিখিছে – “চাইৰাছ মিস্ত্ৰীৰ অকাল মৃত্যুত ব্যথিত হৈছো। তেওঁ এজন প্ৰতিশ্ৰুতিসম্পন্ন ব্যৱসায়ী আছিল যিয়ে ভাৰতৰ অৰ্থনৈতিক দক্ষতাত বিশ্বাস ৰাখিছিল। তেওঁৰ মৃত্যু বাণিজ্য আৰু উদ্যোগৰ জগতৰ বাবে এক বৃহৎ ক্ষতি। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন জনাইছো। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”
মৰণোত্তৰ পৰীক্ষাৰ বাবে মিস্ত্ৰীৰ মৃতদেহ গুজৰাটৰ কাছা গ্ৰাম্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই সন্তানক এৰি গৈছে।