গুৱাহাটী : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীয়ে আক্ৰমণ কৰিলে পিতৃক। যুৱতী গৰাকীয়ে সুৰামত্ত অৱস্থাত পিতৃক আক্ৰমণ কৰে।
গুৱাহাটী মহানগৰীত নিজ পিতৃক আক্ৰমণ কৰিলে এগৰাকী সুৰামত্ত যুৱতীয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চান্দমাৰী অঞ্চলত। দেওবাৰে নিশাৰ ভাগত যুৱতী গৰাকীয়ে সুৰাৰ ৰাগীত মাতাল হৈ পিতৃক আক্ৰমণ কৰে।
ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে চান্দমাৰী আৰক্ষী থানাত অভিযোগ দাখিল কৰে। চান্দমাৰী আৰক্ষীৰ এটা দল যুৱতী গৰাকীৰ ঘৰত উপস্থিত হোৱাত যুৱতী গৰাকীয়ে চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ ভাবুকি দিয়ে।
লগতে পঢ়ক – মহানগৰীত জঘন্য ঘটনা: ৬৫বছৰীয়া বৃদ্ধৰ কামনাৰ বলী হ’ল কিশোৰী
পৰবৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰে। আৰক্ষীয়ে যুৱতী গৰাকী সুৰমত্ত অৱস্থাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাই চান্দমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।