গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। পুনৰ মহানগৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। লোকজন বিহাৰৰ বাসিন্দা।
মহানগৰী গুৱাহাটীৰ পল্টন বজাৰৰ চলাপাৰাত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে। শনিবাৰে পুৱতি নিশা উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। বাথৰুমত চিপ লৈ থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়।
লগতে পঢ়ক – বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও ক্ৰীড়া সন্থাৰ ৮২ তম প্ৰতিষ্ঠা দিৱস উদযাপন
লোকজনৰ নাম চানিচৰ ৰায় বুলি জানিব পৰা গৈছে। লোকজন বিগত ৭ বছৰ ধৰি চলাপাৰাত ভাড়াঘৰত বসবাস কৰি আছিল। লোকজন বিহাৰৰ বাসিন্দা। লোকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।