শোণিতপুৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বছাশিমলুত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ। পুতি থোৱা অৱস্থাত উদ্ধাৰ ঢেকীয়াপতিয়া বাঘৰ মৃতদেহ।

শোণিতপুৰ জিলাৰ বছাশিমলুত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছে। কেইবাদিনো পূৰ্বে ঢেকীয়াপতিয়া বাঘটো বিহ দি মাৰিছিল বুলি জানিব দিয়ে বন বিভাগে। ঢেকীয়াপতীয়া বাঘটোক নিধন কৰি গাতত খান্দি পুতি থোৱাত বাঘটোৰ অৱশিষ্ট উদ্ধাৰ কৰে বন বিভাগে৷

লগতে পঢ়ক – কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিম দিনা উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং

পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ গাত খান্দি বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে। আজিবুৰ নামৰ এজন লোকে বাঘটোক পুতি থৈছিল বুলি বন বিভাগে জানিবলৈ দিয়ে। বর্তমান পলাতক অৱস্থাত আছে আজিবুৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply