গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ। মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ হেঙেৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্য।
গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। এইবাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী অঞ্চলত। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন চুইগিৰ ডেলিভাৰী বয় বুলি জানিব পৰা গৈছে।
মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনৰ পৰিচয় ইতিমধ্যে জানিব পৰা গৈছে। যুৱকজনৰ নাম দীপাংকৰ বৰা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
লগতে পঢ়ক – ৬১সংখ্যক বড়ো সাহিত্য সভাৰ অন্তিম দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অংশগ্ৰহণ
যুৱকজনৰ মৃত্যুৰ কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতে যুৱকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব। ঘটনাক কেন্দ্ৰ কৰি হেঙেৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।