নিউজ ডেস্ক: দেওবাৰে নিশা কেৰালাৰ মালাপ্পুৰম জিলাত এখন পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ মতে, নাওখনত ৩০ জনৰো অধিক লোক আছিল। কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰৰহমানে বিভিন্ন চিকিৎসালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত বৰ্তমানৰ লৈকে ২১ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে।

মন্ত্ৰী ভি আব্দুৰৰহমানে কয় যে, মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু আছিল। চাৰিজন লোকক সংকটজনক অৱস্থাত কোট্টাকাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ কাৰণ সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অৱশ্যে, স্থানীয় লোকসকলৰ মতে, নাওখন অত্যাধিক যাত্ৰী আছিল আৰু নাওখনত লাইফ-জেকেট পৰিমাণ যাত্ৰীৰ অনুপাতকৈ কম আছিল। সেইকাৰণে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মালাপ্পুৰম জিলাৰ তনুৰ অঞ্চলৰ তুভালতিৰাম সমুদ্ৰৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল। আঞ্চলিক অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া জনোৱা অনুসৰি, নাওখনত কিমান যাত্ৰী যাত্ৰা কৰিছিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এনে পৰিস্থিতিত, অধিক লোক আৱদ্ধ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ অভিযান চলোৱা হৈছে বুলি কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটৰ জৰিয়তে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ লিখে যে, “কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে দুখিত। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা। পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালক ২ লাখ টকা প্ৰদান কৰা হ’ব”।

লগতে পঢ়ক – চিকিৎসক সংগীতা দত্ত পল্টন বজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply