নিউজ ডেস্ক- মহাৰাষ্ট্ৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ ধুলে জিলাৰ মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ সীমান্তৰ পালাছনেৰ গাঁৱত মুম্বাই-আগ্রা ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে, এখন দ্রুতবেগী শিলগুটি ভর্তি কণ্টেইনাৰ বাহনে পিচফালৰ পৰা এখন গাড়ীত খুন্দা মাৰে আৰু গাড়ীখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । ইয়াৰ পিচত পিছফালৰ পৰা অহা আন এখন চলন্ত কণ্টেইনাৰ আৰু চাৰিখন দুচকীয়া বাহন খুন্দা মাৰি উক্ত কণ্টেইনাৰ বাহনখন ঘাইপথৰ কাষৰ সৰু এখন হোটেলক মহতিয়াই নিয়ে।
উল্লেখ্য যে, কণ্টেইনাৰৰ খুন্দাত দুৰ্ঘটনাগ্রস্থ হোৱা গাড়ীখনৰ নম্বৰ হৈছে MH 18BR 5057। গাড়ীখনৰ ভিতৰত স্বামী-স্ত্ৰী, দুটা সন্তান আৰু গাড়ী চালকজন আছিল। আনহাতে স্বামী, দুটা সন্তান আৰু চালক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ থিতাতে মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছে ।
উক্ত দুৰ্ঘটনাটোত ১৫জন লোক আহত হোৱাৰ লগতে ৭জন লোক নিহত হয়। আহত ব্যক্তিকেইজনক শ্বিৰপুৰ ক’টেজ হাস্পতালত ভৰ্ত্তি কৰোৱা হয়। লগতে নিহত ৭জন ব্যক্তিক মৰোনোত্তৰ পৰীক্ষাৰ বাবে কুটিৰ চিকিৎসালয়ত ৰখা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ব্যক্তিসকলক উদ্ধাৰ কৰে।