কমাৰগাঁও, চন্দন বৰা: জম্মু-কাশ্মীৰৰ নগ্ৰতাত (Nagrota) কৰ্মৰত ভাৰতীয় সেনা বাহিনীৰ এজন জোৱানৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি গোাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে শোকৰ ছাঁ পৰিছে।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ বাদুলিপাৰৰ গড়গুৰি গাঁৱৰ প্ৰয়াত অতুল গগৈৰ পুত্ৰ ভাৰতীয় সেনাত কৰ্মৰত বিশ্বজিত গগৈ নামৰ যুৱকজনৰ কৰ্মৰত অৱস্থাতে মৃত্যু ঘটে।

পিছত শুকুৰবাৰে তেওঁৰ মৃতদেহ গড়গুৰি গাঁৱত আহি পোৱাৰ পিছতেই কান্দোনৰ ৰোল উঠে বিশ্বজিতৰ ঘৰত৷ নিহত বিশ্বজিৎ গগৈৰ পৰিয়াল তথা আত্মীয়ই এই মৃত্যুক ৰহস্যজনক বুলি উল্লেখ কৰিছে।

পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকক বিশ্বজিতৰ নিজৰ চাৰ্ভিছ ৰাইফলৰ গুলী লাগি মৃত্যু ঘটা বুলি কোৱা হৈছিল৷ এনে পৰিস্থিতিত ভাৰতীয় সেনা জোৱানজনৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুয়ে অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

২০১৭ চনত ভাৰতীয় সেনাত যোগদান কৰা বিশ্বজিতৰ মৃত্যু সম্পৰ্কে এতিয়ালৈকে সেনা বাহিনীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই পৰিয়ালৰ লোকে অভিযোগ কৰে।

উল্লেখযোগ্য যে অহা মাৰ্চ মাহৰ ১০ তাৰিখে বিশ্বজিতৰ বিবাহৰ দিন ঠিক হৈ আছিল। পিতৃৰ মৃত্যুৰ পিছত মাকে অতি কষ্টৰে ডাঙৰ-দীঘল কৰি দুই পুত্ৰকে ভাৰতীয় সেনালৈ আগবঢ়াই পঠাইছিল। কিন্তু এতিয়া কনিষ্ঠ পুত্ৰই অকাল মৃত্যুত সাবটি লোৱাত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক – সোণাৰিত এটা ক’লা বেগক কেন্দ্ৰ কৰি শ্বাসৰূদ্ধকৰ পৰিৱেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply