গুৱাহাটী : অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্যপাল জগদীশ মুখীলৈ পত্ৰ প্ৰেৰণ কৰি ডিব্ৰুগড় আৰক্ষীয়ে কৰা গাফিলতিৰ চি আই ডি তদন্তৰ দাবী জনাইছে। ডিব্ৰুগড় আৰক্ষীৰ গাফিলতিৰ ফলত মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড়ৰ ব্যৱসায়ী তথা পশুপ্ৰেমী বিনীত বগড়িয়াৰ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ডিব্ৰুগড়ত ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি স্বীকাৰ কৰিছিল যে জিলা প্ৰশাসন আৰু ডিব্ৰুগড় আৰক্ষীৰ ব্যৰ্থতা কাৰণেই এই শোকাবহ ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ স্বীকাৰৰ পিছতে ঘটনা সন্দৰ্ভত চি আই ডি তদন্তৰ দাবী জনাই ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
পত্ৰখনৰ জৰিয়তে বিৰোধী দলপতি শইকীয়াই কয়, ‘মই আপোনাক জনস্বাৰ্থ আৰু আইন-শৃংখলাৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো। আপোনাক জনাব বিচাৰো যে প্ৰায় দুদিন আগতে ডিব্ৰুগড়ৰ এজন বিখ্যাত পশু অধিকাৰ কৰ্মী বিনীত বগড়িয়াই স্বয়ং ডিব্ৰুগড়ৰ দুজন ব্যক্তিৰ মৃত্যুৰ ভাবুকিৰ বাবেই আত্মহত্যাৰ পথ বাছি লৈছিল।” এটা চাঞ্চল্যকৰ প্ৰকাশৰ পিছত আমি জানিব পাৰিলোঁ যে তেওঁ সন্মুখীন হোৱা ভাবুকিৰ গুৰুত্ব। ইতিমধ্যে তেওঁৰ পিতৃ কৈলাশ বগড়িয়াই ০৫/০৭/২০২২ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে ডিব্ৰুগড় আৰক্ষীক অৱগত কৰিছিল।
কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণত তীব্ৰ পলম হোৱাৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হ’ল। ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত গোচৰো পঞ্জীয়ন কৰা নাছিল।’ শইকীয়াই কয়।
তেওঁ লগতে কয়, ‘আৰক্ষী প্ৰশাসনে সময়মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে এজন যুৱকৰ জীৱন অকাল মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা গ’লহেঁতেন। সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ এইটো এটা গুৰুত্বৰ গোচৰ আৰু ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ দায়িত্বহীনতাৰ সম্পূৰ্ণ প্ৰদৰ্শন।” পত্ৰখনত দেৱব্ৰত শইকীয়াই লগতে কয়, ‘সেই হিচাপে মই আপোনাক অনুৰোধ জনাইছো যে ডিব্ৰুগড় জিলা আৰক্ষীৰ গাফিলতিৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত আৰম্ভ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ক। মৃতজনৰ পৰিয়ালে বাৰে বাৰে অভিযোগ কৰাৰ পিছতো সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কৰ্তব্যৰত সংশ্লিষ্ট বিষয়া গৰাকীক জবাবদিহি কৰা উচিত।”
লগতে পঢ়ক – Gunfight : তিনিচুকীয়াৰ বৰডুমছাত আৰক্ষী-আলফা স্বাধীনৰ মাজত গুলীয়াগুলী
দেৱব্ৰত শইকীয়াই ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ বিচাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত দোষী সকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈও দাবী জনায়। উল্লেখ্য যে যোৱা ৭ জুলাইত ৩২ বছৰীয়া বিনীত বগড়িয়াই নিজৰ শনি মন্দিৰ ৰোড বাসগৃহত আত্মহত্যা কৰি মৃত্যুক সাৱটি লৈ চৰম পদক্ষেপ লোৱাৰ পূৰ্বে এটা ভিডিঅ’ কৰিছিল বুলি অভিযোগ উঠিছে। কথিত ভিডিঅ’টোত তেওঁৰ শেষৰ কথাখিনি আছিল, “মা মুঝে মাফ কৰনা, আব সেহান নহয় হোটা হে, (মা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক, মই আৰু সহ্য কৰিব নোৱাৰো)।”