গুৱাহাটী : সমাগত অসম যুৱ অলিম্পিক আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ সন্দৰ্ভত বিশদভাৱে অৱগত কৰিবৰ বাবে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে যুটীয়াভাৱে গুৱাহাটীত মঙলবাৰে এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত অহা ২৩ জুনত অসম অলিম্পিক সন্থাই কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ হলত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ আহ্বানমৰ্মে অসম অলিম্পিক সন্থাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ দিনা আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তৰ্ক প্ৰতিযোগিতাৰ বিষয় হল- “Olympic Movement plays a key role in establishing global peace.”/ সদনৰ মতে, ‘‘বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাত অলিম্পিক আন্দোলনে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে’’। তৰ্ক প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব।
লগতে পঢ়ক – জলমগ্ন গুৱাহাটীঃ ঘৰৰ বাহিৰ নাযাবলৈ মহানগৰবাসীক আহ্বান প্ৰশাসনৰ, মুকলি ট’ল ফ্ৰী নম্বৰ
তদুপৰি শ্ৰেষ্ঠ তাৰ্কিকজনে ২০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১৫,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকজনে ১০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব। আনহাতে, ক্ৰীড়া কুইজ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলকেইটাই ক্ৰমে ৫০,০০০, ৩০,০০০ আৰু ২০,০০০ টকাৰ প্ৰাইজমানী লাভ কৰিব। ইফালে, সেইদিনাই অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰে যুটীয়াভাৱে ২৩-২৭ জুলাইত আয়োজন কৰা অসম যুৱ অলিম্পিকৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ’ব। প্ৰথম কাৰ্যসূচী হিচাপে উক্তদিনা অসম যুৱ অলিম্পিকৰ লগো, থীম ছং আৰু টি-ছাৰ্ট মুকলি কৰা হ’ব।