নিউজ ডেস্কঃ শেহতীয়াভাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩০ ছেপ্টেম্বৰৰ পিছত ২০০০ টকীয়া নোট বন্ধ কৰিব বুলি ঘোষণা কৰিছে। এই ঘোষণা পিছতেই এতিয়া RBI য়ে ২০০০ টকীয়া নোটৰ বিকল্প হিচাপে ৫০০ টকীয়া নোটৰ সংখ্যা বৃদ্ধিৰ বাবে গুৰুত্ব আৰোপ কৰিছে।

জানিব পৰা অনুসৰি, এতিয়া ৫০০ টকীয়া নোট ছপাৰ বাবে RBI য়ে সকলো কৰ্মচাৰীৰ দেওবৰীয়া ছুটীও বাতিল কৰিছে। ভাৰতৰ নোট ছপা কৰা দেৱাছত নোট প্ৰেছত ইতিমধ্যেই ইয়াৰ কাম আৰম্ভ হৈছে।

উক্ত নোট প্ৰেছত এতিয়া দৈনিক প্ৰায় ২.২০ কোটিৰ ৫০০ টকীয়া নোট ছপা কৰা হ’ব। ইয়াৰ বাবে নোট প্ৰেছটোত ২২ ঘণ্টাকৈ কামত নিয়োজিত কৰা হ’ব। প্ৰতিগৰাকী কৰ্মচাৰীয়ে ১১ ঘণ্টাকৈ কাম কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, RBI য়ে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ পিচতেই দেওবাৰৰ দেৱাছ প্ৰেছত ৫০০ টকীয়া নোটৰ ছপাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। উক্ত এই ছপাশালত নিয়োজিত হৈ আছে প্রায় ১,১০০ কৰ্মচাৰী।

লগতে পঢ়ক – গুৱাহাটী ৰে’ল ষ্টেচনলৈ ‘বন্দে ভাৰত’ ৰে’লৰ পৰীক্ষামূলক চলাচল সফলতাৰে সম্পন্ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply