নিউজ ডেস্ক- ভাৰতৰ ৰাজ্যসমূহৰ বিধানসভাসমূহৰ বৈঠক সংখ্যা ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে। বিগত সময়ছোৱাত বিধানসভাসমূহত মাত্ৰ ২১ দিনহে কাম-কাজ হৈছিল।

‘ পি আৰ এছ লেজিছলেটিভ ৰিছাৰ্জ’ নামৰ এটা থিংক টেংকৰ পৰা পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০১৬চনৰ পাছৰে পৰা ৰাজ্যৰ বিধানসভাসমূহৰ বৈঠকৰ সংখ্যা হ্ৰাস পাইছে। প্ৰতিবেদনখনে দাবী কৰা অনুসৰি বিগত বৰ্ষত ভাৰতৰ ২৮খন ৰাজ্যৰ বিধানসভাৰ বৈঠক গড়ে ২১দিনহে চলিছিল।

তথ্য অনুসৰি, অধিকাংশ ৰাজ্যতে জনপ্ৰতিনিধিসকল ২ খন বা ৩খন অধিৱেশনতহে মিলিত হোৱাৰ সুযোগ লাভ কৰে। এই অধিৱেশন কেইখন ক্ৰমে- বাজেট অধিৱেশন, বৰ্ষাকালীন অধিৱেশন আৰু শীতকালীন অধিৱেশন।

আনহাতে. ২০১৬-২০১৭ বৰ্ষৰ সময়ছোৱাত ভাৰতৰ ২৪খন ৰাজ্যৰ বিধানসভাৰ বৈঠক গড়ে ২৫দিন হৈছিল। ২০২০ বৰ্ষত মহামাৰীৰ বাবে বৈঠকৰ সংখ্যা ১৭দিনলৈ হ্ৰাস পালে আৰু ২০২১ বৰ্ষত বৈঠকৰ সংখ্যা ২২দিন আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply