গুৱাহাটী : আজি বিশ্ব হস্তী দিৱস। প্ৰতিবছৰে ১২ আগষ্টৰ দিনটো বিশ্ববাসীয়ে পালন কৰে বিশ্ব হস্তী দিৱস হিচাপে। পৃথিৱীৰ বুকুত এই বিশাল প্ৰাণীৰ অস্তিত্ব বজাই ৰাখিবলৈ ইয়াক সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজন। হাতীৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি ২০১২ চনত ১২ আগষ্টৰ দিনটোক বিশ্ব হস্তী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম ইতিমধ্যে মানৱ জাতিৰ সন্মুখত। বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিমাণ কেৱল মাত্ৰ যে মানৱ জাতিয়ে ভুগিব লগা হৈছে তেনে নহয়, ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ পৃথিৱীৰ ওপৰত। পৃথিৱীৰ প্ৰতিটো জীৱ-জন্তুৱে ভুগিব লগা হৈছে বনাঞ্চল ধ্বংসৰ মূল্য পৰিশোধ কৰিব লগীয়া হৈছে। বনাঞ্চল ধ্বংসৰ মূল্য পৰিশোধ কৰি এতিয়া বিপদত পৃথিৱীৰ আটাইতকৈ বিশাল প্ৰাণী হাতী।

মানৱ জাতিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে চলাই অহা বনাঞ্চল ধ্বংসৰ মূল্য নিজৰ প্ৰাণ দি পৰিশোধ কৰিবলগীয়া হৈছে হাতী। বাসস্থান আৰু খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি বিভিন্ন সময়ত মৃত্যুৰ মুখত পৰিবলগীয়া হয় হাতী। ইয়াৰে ভিতৰৰ আটাইতকৈ অধিক হাতী ৰে’লৰ খুন্দাত মৃত্যুৰ মুখত পৰে বুলি কলেও ভুল নহ’ব।

ভাৰতৰ কেইবাখনো ৰাজ্যত বনাঞ্চলৰ মাজেৰে ৰে’ল লাইন নিয়াৰ ফলত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায়। এই ৰাজ্য সমূহৰ ভিতৰত অন্যতম অসম। অসমৰ কেইবাটাও অঞ্চলত প্ৰায়ে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক আঁকোৱালি লয় হাতীয়ে। কিন্তু এতিয়া এই বিশাল প্ৰাণীবিধৰ প্ৰাণ ৰক্ষা কৰি আছে সাধাৰণ মৌ মাখিয়ে। হাতীয়ে মৌ মাখিক ভয় কৰে আৰু এই ভয়ে এতিয়া হাতীৰ জীৱন ৰক্ষা কৰিছে।

২০১৬-১৭ চনত ৰেলৰ খুন্দাৰ পৰা হাতীক ৰক্ষা কৰিবলৈ ৰে’ল বিভাগে এক বিশেষ পদক্ষেপ হাতত লৈছিল। মৌ মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰে’ল বিভাগে হাতী খেদাৰ এক পৰীক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাৰ জৰিয়তে সফলতাও লাভ কৰিছে ৰে’ল বিভাগে। এই ব্যৱস্থাৰ জড়িয়তে বৰ্তমানলৈকে ৰে’ল বিভাগে ৰক্ষা কৰিছে ১,১৫০ টা হাতীৰ প্ৰাণ।

লগতে পঢ়ক –  Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

প্ৰথম অৱস্থাত মহানগৰী গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলৰ মাজেৰে যোৱা ৰে’ল লাইনত ৰে’ল বিভাগে মৌ মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰে’ল লাইনৰ ওপৰত উঠি অহা হাতীক খেদাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। হাতীয়ে মৌ মাখিক ভয় কৰে আৰু মৌ মাখিৰ গুঞ্জনৰ শব্দ শুনাৰ মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰতে হাতীয়ে ৰে’ল লাইন ত্যাগ কৰি অন্য ঠাইলৈ পলায়ন কৰে ফলত ৰে’লৰ খুন্দাৰ পৰা ৰক্ষা পৰে হাতী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply