নিউজ ডেস্ক – উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ হিমস্খলনৰ ফলত সন্ধানহীন হোৱা অসমৰ দীপশিখা হাজৰিকা নামৰ যুৱতীগৰাকীৰ আজিও কোনো সন্ধান ওলোৱা নাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সন্ধানহীন যুৱতীগৰাকীক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ নতুন দিল্লীত দীপশিখাৰ পিতৃ গোলাপ হাজৰিকাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীজনে এই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এই সন্দৰ্ভত উত্তৰাখণ্ড চৰকাৰৰ সৈতে কথা পাতিব বুলিও জানিবলৈ দিয়ে৷
প্ৰণিধানযোগ্য যে গুৱাহাটীৰ শ্ৰীমন্তপুৰৰ নিৱাসী দীপশিখা হাজৰিকা নামৰ যুৱতীগৰাকী আছিল উত্তৰাখণ্ডৰ উত্তৰ কাশীত থকা নেহৰু ইনষ্টিটিউট অব্ মাউণ্টেইনিয়াৰিঙৰ ছাত্ৰী৷ তেওঁ ইনষ্টিটিউটখনত এডভান্স মাউণ্টেইনিয়াৰিং শিক্ষা গ্ৰহণ কৰি আছিল৷
২ অক্টোবৰৰ পুৱা উত্তৰাখণ্ডৰ হিমালয়ত অৱস্থিত দ্ৰৌপদী কা দাণ্ডা নামৰ পৰ্বত শিখৰৰ পৰা আচম্বিতে হোৱা হিমস্খলনৰ ফলত পৰ্বতাৰোহণ কৰিবলৈ যোৱা দীপশিখাৰ লগতে বহুকেইজন পৰ্বতাৰোহণৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই৷