নিউজ ডেস্কঃ গৌতম আদানীৰ বিষয়টো যেন কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইমান সোনকালে এতিয়া বাদ দিব বিচৰা নাই। ৰাহুল গান্ধীয়ে ৮ এপ্ৰিলত আদানী সম্পৰ্কে টুইট কৰি কেইবাজনো ব্যক্তিৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এক বিশেষ ফটো জৰিয়তে উল্লেখ কৰিছিল। যাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাও টুইটাৰত সৰব হৈ পৰিছিল।

দেওবাৰে জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰাৰ সময়ত সংবাদিকে টুইটটোৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গুৱাহাটী ভ্ৰমণৰ পিছতেই মানহানি গোচৰ ৰুজু কৰা হ’ব।

লগতে তেওঁ কয়, ১৪ এপ্ৰিলৰ লৈকে কোনো ৰাজনৈতিক বিষয়ৰ কথা পাতিব নিবিচাৰে কিয়নো এতিয়া গোটেই অসমত বিহুৰ প্ৰস্তুতি চলি আছে। সেইবাবে যি কৰা হয় সেইয়া ১৪ এপ্ৰিলৰ পিছতেই ব্যৱস্থা লোৱা হ’ব।

শৰ্মাই কয়, ৰাহুল গান্ধীয়ে কৰা টুইটতো মানহানিকৰ। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পাছতেই গোচৰ ৰুজু কৰা হ’ব ৰাহুল গান্ধীৰ বিৰুদ্ধে।

টুইট কৰি ৰাহুল গান্ধীয়ে কি লিখিছিল?

৮ এপ্ৰিলত আদানী সন্দৰ্ভত এক টুইট কৰি ৰাহুল গান্ধীয়ে লিখিছিল যে, তেওঁলোকে সত্য লুকুৱাই ৰাখে, সেয়ে প্ৰতিদিনে বিপথে পৰিচালিত কৰে! প্ৰশ্নটো একেই আছে – আদানীৰ গ্ৰুপত ২০,০০০ কোটি বেনামী টকা কাৰ?

হিমন্ত বিশ্ব শৰ্মাই টুইটৰ ৰিপ্লাই কি দৰে দিলে!

ৰাহুল গান্ধীৰ এই টুইটৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই টুইটটোৰ ৰিপ্লাই দি লিখে, “আপোনাক কেতিয়াও সোধা নাছিলোঁ, আপুনি বোফৰ্ছ আৰু নেচনেল হেৰাল্ড কেলেংকাৰীৰ পৰা অপৰাধৰ উপাৰ্জন ক’ত লুকুৱাই ৰাখিছে সেই বিষয়ে আমাৰ শালীনতা আছিল। আৰু আপুনি কেনেকৈ ওটাভিঅ’ কোৱাট্ৰোচ্চিক অনুমতি দিছিল ভাৰতীয় ন্যায়ৰ কবলৰ পৰা একাধিকবাৰ পৰিত্ৰাণ পাবলৈ”।

লগতে পঢ়ক – “অসমত AAP দৰে পাৰ্টী আছে এতিয়া লৈকে মই নামই শুনা নাই” – হিমন্ত বিশ্ব শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply