নিউজ ডেস্ক– আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ ৰাজৌৰী ভ্ৰমণ কৰিব। ৰাজৌৰী জিলাত পাঁচজন সৈনিক শ্বহীদ হোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেৰ সৈতে জম্মু ভ্ৰমণ কৰিব।
জানিব পৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু বিভাগৰ নিৰাপত্তা পৰিস্থিতিও পর্যালোচনা কৰিব।
উল্লেখ্য যে, ৰাজৌৰী জিলাৰ কান্দি বনাঞ্চলত শুকুৰবাৰে সেনাই সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণত পাঁচজন সৈনিক নিহত হয়। ইতিমধ্যে উত্তৰ সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে এনকাউণ্টাৰ স্থান পৰিদৰ্শন কৰে আৰু গ্ৰাউণ্ড কমাণ্ডাৰসকলৰ দ্বাৰা চলি থকা ‘অপাৰেচন ত্ৰিনেত্ৰা’ৰ উন্নয়নৰ বিষয়ে অৱগত কৰা হয়।