নিউজ ডেস্ক- আজি জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কান্দি অঞ্চলত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেওঁ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষৰ পৰিস্থিতিৰ বুজ ল’বলৈ সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেৰ সৈতে ৰাজৌৰীত উপস্থিত থাকে।

জানিব পৰা মতে, ৰাজনাথ সিঙৰ লগত উত্তৰ সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্র দ্বিবেদী, কর্পছ কমাণ্ডাৰ হোৱাইট নাইট কৰ্পছ আৰু বিভাগীয় আয়ুক্ত জম্মু বিভাগীয় আয়ুক্ত উপস্থিত থাকে।

তথ্য অনুসৰি,  প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ উপৰিও ৰাজৌৰী-পুঞ্চত হোৱা আক্ৰমণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব। লগতে কাশ্মীৰ আৰু জম্মুত চলি থকা সামৰিক অভিযানৰ বিষয়েও তেওঁক অৱগত কৰা হ’ব।

উল্লেখ্য যে, এক দশকৰো অধিক আগতে উগ্রবাদমুক্ত ঘোষণা কৰা জম্মুৰ ৰাজৌৰী আৰু পুঞ্চ এতিয়া যোৱা ১৮ মাহত উগ্ৰপন্থীৰ মাৰাত্মক আক্ৰমণৰ দ্বাৰা আক্ৰান্ত হোৱা দেকা গৈছে। ৰাজৌৰীৰ কান্দি বনাঞ্চলত পাঁচজন সৈনিকৰ বলিদান হৈছে চলিত বৰ্ষৰ তৃতীয়টো ডাঙৰ ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply